কাইলৈ ৫ বিধানসভা সমষ্টিত হ‘ব উপ-নির্বাচন
৯,০৯,০৫৭ গৰাকী ভোটাৰে কৰিব ভোটদান
দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ নির্বাচন আয়োগে অসমৰ ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি বিধানসভা সমষ্টিত হ‘বলগীয়া উপ-নির্বাচনৰ ভোটগ্রহণ কালিলৈ অৰ্থাৎ অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ‘ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। কাইলৈ পুৱা ৭ বজাৰ পৰা আবেলি ৫ বজালৈ ভোটদান প্ৰক্ৰিয়া চলিব। ভোটদাতাসকলে নিজ নিজ আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক বা ডাকঘৰৰ ফটোযুক্ত পাছবুক, দ্ৰাইভিং লাইচেঞ্চ, ফটো সংলগ্ন থকা পেন্সনৰ তথ্য, চৰকাৰী পৰিচয় পত্ৰ ইত্যাদি (১২ খন পৰিচয় পত্ৰৰ যিকোনো এখন)লগত আনিলেও ভোটদান কৰিব পাৰিব।
অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই জানিবলৈ দিয়া অনুসৰি ৫ টা সমষ্টিৰ ভোটদাতৰ সংখ্যা হ‘ল ক্ৰমে– ধলাই (এচ চি) সমষ্টিত – ১,৯৬,৭৭২ গৰাকী, চিদলী(এছ টি)ত ২,১৭,১৮৩ গৰাকী, বঙাইগাঁৱত ১,৮২,৩৫৪ গৰাকী, বিহালীত ১,৩২,৩০০ গৰাকী, চামগুৰি – ১,৮০,৪৪৮ গৰাকী। সৰ্বমুঠ ভোটাৰ হৈছে ৯,০৯,০৫৭ গৰাকী।
সেইদৰে, চাৰ্ভিছ ভোটাৰ আছে – ধলাইত ৫২৪ গৰাকী , চিদলীত-৬৩০গৰাকী, চামগুৰি-২৬৭ গৰাকী, বঙাইগাঁৱত-১০৫৪ গৰাকী, বিহালীত-১৪২ গৰাকী। মুঠ-২,৬১৭ গৰাকী।
ভোটগ্ৰহণ কেন্দ্ৰ হ‘ব–ধলাইত-২০৮টা, চিদলীত-২৭৩টা, বঙাইগাঁৱত-২৪৬টা, বিহালীত-১৫৪টা, চামগুৰিত-১৯৭ টা, মুঠ-১০৭৮টা ভোটগ্রহণ কেন্দ্ৰ।
বিশেষ ভাৱে সক্ষম ভোটাৰ আছে– ধলাই সমষ্টিত-১১২৫ গৰাকী, চিদলীত-১৭৭০গৰাকী, বঙাইগাঁৱত-৪৭৪ গৰাকী, বিহালীত-১৪৯ গৰাকী, চামগুৰিত-৬৭৯ গৰাকী। মুঠ-৪১৯৭ গৰাকী।
জ্যেষ্ঠ নাগৰিক(৮৫ বছৰৰ উৰ্দ্ধ ভোটদাতা)ৰ সংখ্যা–ধলাইত-৬৮৩ গৰাকী, চিদলীত-১০২৫ গৰাকী, বঙাইগাঁৱত-৪৭৪গৰাকী, বিহালীত-৪৮৮গৰাকী, চামগুৰিত-১১১৮ গৰাকী। মুঠ-৩৭৮৮ গৰাকী।
উপ-নিৰ্বাচন হ‘বলগীয়া সমষ্টিৰ্ভুক্ত ৫ খন জিলা-নগাঁও, বঙাইগাঁও, বিশ্বনাথ, চিৰাং, কাছাৰত ইতিমধ্যে নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকলো পুলিং ষ্টেচনলৈ ৰাওনা হৈছে ।