তিনিচুকীয়াত শোকাৱহ দুর্ঘটনাত শিশুসহ চাৰিগৰাকী নিহত
ৰঙিলী বাৰ্ত্তাসেৱা– মঙলবাৰে পুৱাই তিনিচুকীয়া-ডিব্ৰুগড় বাইপাছত এক শোকাৱহ দুর্ঘটনা সংঘটিত হয়।দুর্ঘটনাটোত এগৰাকী শিশুসহ চাৰিগৰাকী লোক থিতাতে নিহত হয় আৰু দুগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। বাইপাছ পথৰ কাষত থকা এটা গাঁতত পৰি সংঘটিত হয় দুর্ঘটনাটো। পৰৱৰ্তী সময়ত দুর্ঘটনা সংঘটিত হোৱা বাহনখন প্রত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক অৱগত কৰাৰ লগতে দুগৰাকী মহিলাক পানীৰ মাজত পৰি থকা গাড়ীখনৰ পৰা জীৱন্তে উদ্ধাৰ কৰে যদিও আন চাৰিগৰাকীক উদ্ধাৰ কৰিব নোৱাৰে স্থানীয় লোকে। কিছু সময়ৰ পাছত ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ বাহনখন পানীৰ পৰা উদ্ধাৰ কৰি বাহনখনৰ পৰা চাৰিটাকৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সমান্তৰালভাৱে আঘাতপ্রাপ্ত পৰিয়ালৰে দুই মহিলাক চিকিৎসাৰ কাৰণে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভর্তি কৰায়। মৃত মহৎ শ্বাহৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, নিহত লোককেইজনৰ দুজন বৰডুবিৰ আৰু দুজন বিহাৰৰ । এ এছ-০৬ এ এ-২৫৮৩ নম্বৰৰ এখন মাৰুতি ছুইফট বাহনেৰে ডিব্ৰুগড় ৰে’লৱে ষ্টেচনৰ পৰা তিনিচুকীয়া দিশে বৰডুবিলৈ আহি থকাৰ মাজতে কাহিলি পুৱা পথ দুর্ঘটনাটো সংঘটিত হয়। নিহত লোককেইজন বৰডুবিৰ মহৎ শ্বাহ (৫১), মন্টু শ্বাহ (৩০) আৰু বিহাৰৰ অৰ্থ গুপ্তা (৭), ৰাজেশ গুপ্তা (৩০)। আঘাতপ্রাপ্ত মহিলা দুগৰাকীও বিহাৰৰ। তথ্য অনুসৰি, ১৬ নৱেম্বৰত বৰডুবিৰ অতি অমায়িক ব্যৱসায়ী মহৎ শ্বাহৰ কন্যাৰ বিবাহৰ দিন ধাৰ্য কৰিছিল আৰু সেই বিবাহলৈ বিহাৰৰ পৰা পৰিয়ালৰ লোক ৰে’লৰ জৰিয়তে ডিব্ৰুগড় ৰে’ল ষ্টেচনলৈ আহিছিল আৰু ডিব্ৰুগড় ৰে’ল ষ্টেচনৰ পৰা বৰডুবিৰ ঘৰলৈ বিহাৰৰ আলহী লৈ আহি থকাৰ সময়তে উক্ত শোকাৱহ পথ দুর্ঘটনাটো সংঘটিত হয়। উক্ত দুর্ঘটনাটোৰ ফলত এতিয়া যেন সৰগ ভাগি পৰিল মহৎ শ্বাহৰ পৰিয়ালটোৰ মূৰত। শোকৰ ছাঁ পৰিছে বৃহত্তৰ বৰডুবি অঞ্চলত। ইতিমধ্যে প্রস্তুতি সম্পূৰ্ণ কৰা কন্যাৰ বিয়াৰ বাবে আপোন লোকক আনিবলৈ গৈ ঘৰলৈ ঘূৰি গ’ল পিতৃ তথা আপোনজনৰ নিথৰ দেহ।