ডিব্ৰুগড়ৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় আইন সেৱা দিৱস উদযাপন

ডিব্ৰুগড়ৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় আইন সেৱা দিৱস উদযাপন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- দেশজুৰি পালন কৰা ৰাষ্ট্ৰীয় আইন সেৱা দিৱস কাৰ্যসূচী ডিব্ৰুগড় জিলাতো বিস্তৃতভাৱে পালন কৰা হয়। এই উপলক্ষে ডিব্ৰুগড় জিলা আইন সেৱা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱকসকলে ৯-১১-২৪ জিলাখনৰ বিভিন্ন স্থানত পৃথকে পৃথকে দিৱসটি পালন কৰে। এই দিৱস পালনৰ জৰিয়তে স্বেচ্ছাসেৱক আৰু সমল ব্যক্তি সকলে জিলা আইন সেৱা প্ৰাধিকৰণৰ কামকাজ সম্পর্কে উপস্থিত লোকসকলক অৱগত কৰে। তদুপৰি শিশু, মহিলাসকলৰ লগতে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকল ন্যায় প্ৰাপ্তিৰ দিশত প্ৰাধিকৰণৰ তৰফৰ পৰা আগবঢ়োৱা বিনামূলীয়া আইন সেৱাৰ সুযোগ গ্ৰহণ কৰিবলৈ স্বেচ্ছাসেৱকসকলে ৰাইজৰ প্ৰতি আহ্বান জনায়। ডিব্ৰুগড় জিলাৰ ধেমেচী, ন-খাট, চাচনী মেৰবিল, মথাৱনী, ঘিনাই, থানাইচুক, আমগুৰি আদি ঠাইতো ৰাষ্ট্ৰয় আইন সেৱা দিৱস পালন কৰা হয়।