‘ভাষা গৌৰৱ সপ্তাহ’ উদযাপন উপলক্ষে মৈৰাবাৰী মহাবিদ্যালয়ত কবিতা আবৃত্তি আৰু ৰচনা প্ৰতিযোগিতা সম্পন্ন
মুহাম্মাদ আফজাল, মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা- ‘ভাষা গৌৰৱ সপ্তাহ’ উদযাপন উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু লাহৰীঘাট সম জিলাৰ সহযোগত মৈৰাবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ, মৈৰাবাৰী শাখাৰ পৰিচালনাত ৫ নৱেম্বৰত পুৱাৰ ভাগত মৈৰাবাৰী মহাবিদ্যালয় প্ৰাংগণত ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় কবিতা আবৃত্তি আৰু ৰচনা প্ৰতিযোগিতা। প্ৰতিযোগিতা দুখনিত বিচাৰক হিচাপে উপস্থিত থাকে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ আব্দুল মান্নান আহমেদ আৰু অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ মৈৰাবাৰী শাখাৰ সভাপতি মুহাম্মাদ আফজাল। ‘অসমীয়া ভাষা চৰ্চাত নৱ প্ৰজন্মৰ ভূমিকা’ শীৰ্ষক ৰচনা প্ৰতিযোগিতাখনিত শীৰ্ষ তিনিটা স্থান লাভ কৰে মৈৰাবাৰী মহাবিদ্যালয়ৰ ছাত্ৰী ক্ৰমে খাইৰুন নেহাৰ (স্নাতক পঞ্চম ষান্মাসিক), আনিকা ফেৰদুছ (স্নাতক প্ৰথম ষান্মাসিক) আৰু মুশ্বফিকা ফেৰদুছী (স্নাতক প্ৰথম ষান্মাসিক)-য়ে। আনহাতে ‘লাচিত ফুকন’ নতুবা ‘মমতাৰ চিঠি’ শিৰোনামৰ কবিতা আবৃত্তি প্ৰতিযোগিতাখনিত শীৰ্ষ তিনিটা স্থান দখল কৰে ক্ৰমে মৈৰাবাৰী মহাবিদ্যালয়ৰ মুকছিদুল ইছলাম (স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰ), মুহচিনা আখতাৰা (স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰী) আৰু মৈৰাবাৰী নিউ ছেকেণ্ডাৰী স্কুলৰ আছমা বেগম (দশম শ্ৰেণীৰ ছাত্ৰী)-এ। প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগীসকলক একোখনকৈ ফুলাম গামোচা আৰু মানপত্ৰেৰে মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত মুকলি সভাত আনুষ্ঠানিকভাৱে পুৰস্কৃত কৰা হয়। শেষত মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰিয়াজুল হকে অসমীয়া ভাষা-সাহিত্যৰ শ্ৰীবৃদ্ধিত অৰিহণা যোগোৱা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ৰ লগতে ‘অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ মৈৰাবাৰী শাখাৰ বিষয়ববীয়াসকলৰ সক্ৰিয় ভূমিকাৰ বাবে ভূয়সী প্ৰশংসা কৰে।