বংশৰত সুধাকন্ঠক সোঁৱৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ বংশৰত সুধাকন্ঠ স্মৃতি ৰক্ষা সমিতি বংশৰৰ উদ্যোগত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু তিথিত বংশৰ দুৰ্গা পূজা মণ্ডপ প্ৰাঙ্গনত দিনযোৰা কাৰ্যসূচীৰে সশ্ৰদ্ধ স্মৰণ কৰা হয় সঞ্চালক কনক দাসৰ সঞ্চালনাত। অনুষ্ঠানত সুধাকন্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু মুখ্য বন্তি প্ৰজ্বলক বয়োজ্যেষ্ঠ বগাৰাম বৈশ্য, প্ৰফুল্ল চন্দ্ৰ বৈশ্য আৰু পদ্মৰাম পাঠক দেৱে প্ৰজ্বলন কৰে। ইয়াৰ পিছতে ড০ ধ্ৰুৱজ্যোতি মালাকৰ, ড০ প্ৰণৱজ্যোতি শৰ্মাই সুধাকন্ঠৰ জীৱনকৃতীৰ সম্পর্কে আলোকপাত কৰে। পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত ভূপেন্দ্র সঙ্গীত প্ৰতিযোগিতাত ৩৬ গৰাকীয়ে অংশগ্রহণ কৰে। মঞ্চ উদ্বোধন কৰে স্কিল ডেভলপমেন্টৰ প্ৰজেক্ট মেনেজাৰ অশোক কুমাৰ বৈশ্যই। বিচাৰকৰ আসন অলংকৃত কৰে কন্ঠশিল্পী কুইন দাস আৰু বিশিষ্ট সংগীত পৰিচালক উমেশ নাথে। প্ৰথম পুৰস্কাৰ প্ৰয়াত ওৱাজেদ আলীৰ সোঁৱৰণত ১০,০০১ টকা লাভ কৰে নলবাৰীৰ অৰ্চিত বিক্রম চৌধুৰীয়ে, দ্বিতীয় পুৰস্কাৰ প্ৰয়াত ভৈৰৱেন্দ্ৰ কাকতিৰ সোঁৱৰণত ৭০০১ টকা লাভ কৰে মুকালমুৱাৰ ভাবনা কলিতাই, তৃতীয় পুৰস্কাৰ প্ৰয়াত কামেশ্বৰ বৈশ্যৰ সোঁৱৰণত ৩০০১টকা লাভ কৰে পাটাছাৰকুছিৰ জিজ্ঞাসা কাশ্যপে আৰু বিচাৰকৰ বিশেষ বঁটা লাভ কৰে গুৱাহাটীৰ প্ৰিয়াঞ্চী কাশ্যপে। বিশিষ্ট সমাজকৰ্মী তথা শিক্ষক ইন্দ্রকান্ত বৈশ্যই আত ধৰা অনুষ্ঠানত প্ৰতিষ্ঠিত শিল্পী দ্বীপজ্যেতি কলিতা, কৰিস্মা দাস, ভাস্কৰজ্যেতি দাস, সনাতন বৈশ্য, ডাঃ শ্যামন্ত কলিতাই গীত পৰিবেশন কৰাৰ ওপৰিও ডান্স কৰিঅ’গ্ৰাফাৰ বিশ্বজিৎ বৈশ্যই পৰিচালনা কৰা এটি নৃত্য আৰু সৌৰভ বৈশ্য, গৌৰৱ বৈশ্যৰ এটি নৃত্য পৰিবেশন কৰে বুলি জানিবলৈ দিছে ব্যবস্থাপক দীপক বৈশ্য আৰু নাৰায়ণ বৈশ্যই।