বোকাখাত সমজিলা প্ৰশাসনৰ উদ্যোগত ভাষা গৌৰৱ সপ্তাহ উদযাপন
মৃদুস্মিতা শৰ্মা ,বোকাখাত,ৰঙিলী বাৰ্ত্তাসেৱা– মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ অসম চৰকাৰে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পাছত ৰাজ্যজুৰি ইংৰাজী ৩ নৱেম্বৰ,২০২৪ৰ পৰা ৯ নৱেম্বৰ, ২০২৪ লৈকে অসমীয়া ভাষাৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষা আৰু বর্ণিল সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে “ভাষা গৌৰৱ সপ্তাহ” উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাৰ পৰিপ্ৰেক্ষিতত বোকাখাতৰ নাট্যমন্দিৰত বোকাখাত সমজিলা প্ৰশাসনৰ উদ্যোগত আজি অসমীয়া ভাষা সাহিত্যৰ ওপৰত এখনি আলোচনা সভা আয়োজন কৰা হয়। বোকাখাতৰ যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যায়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° ৰুবি বৰাই আজিৰ আলোচনা সভাত সমল ব্যক্তি তথা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অসমীয়া ভাষাৰ ইতিহাস, উৎপত্তি ,বিৱৰ্তন আৰু পূৰ্ণ পৰিবৰ্তনৰ সন্দৰ্ভত বহুমূল্য বক্তব্য আগবঢ়ায়। মুখ্য অতিথি হিচাপে উপস্থিত থাকি আজিৰ আলোচনা সভাত মন্ত্ৰী অতুল বৰাই নিজৰ ভাষণত পোন প্ৰথমে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যদা পোৱাৰ সাফল্যৰ যাত্ৰাৰ গুৰি ধৰোতা পণ্ডিত, ভাষাবিদ, সাহিত্যিক আৰু গৱেষক সকলৰ অৱদানক শ্ৰদ্ধাৰে সুঁৱৰে আৰু স্মৰণ কৰে। মন্ত্ৰী বৰাই কয় যে,ভাষা গৌৰৱ সপ্তাহ অসমীয়া ভাষাৰ লগতে জনগোষ্ঠীয় ভাষা সমূহৰ প্ৰচাৰ, প্ৰসাৰ, চৰ্চা আৰু সাধনাৰ উৎসৱ। এই উদযাপন কাৰ্যসূচীৰ জৰিয়তে অসমক ভাতৃত্বৰ এনাজৰীৰে বান্ধিব লাগিব। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাত সন্তুষ্টি লভিলেই নহ’ব, ইয়াক বিশ্ব ব্যাপী প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব অসমীয়াই গ্ৰহণ কৰিব লাগিব।ডিজিটেল উন্নত প্ৰযুক্তিৰ মাধ্যমেৰে অসমীয়া ভাষাৰ চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।অসমীয়া ভাষাৰ সৌন্দৰ্য আৰু সমৃদ্ধি বৃদ্ধিৰ বাবে নৱপ্ৰজন্মক সাহিত্য সংস্কৃতিৰ প্ৰতি উৎসাহিত কৰিব লাগে বুলি ভাষণ প্ৰসংগত মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই। বোকাখাত সমজিলাৰ সমজিলা আয়ুক্ত শিৱানী জের্ণগলে আজিৰ আলোচনা সভাৰ আদৰণি ভাষণ আগবঢ়ায়। বোকাখাত সমজিলাৰ সহকাৰী আয়ুক্ত কুশল কলিতাই আজিৰ আলোচনা সভাৰ আঁত ধৰে। সমজিলা প্ৰশাসনৰ তৰফৰ পৰা আজি অসমীয়া ভাষা সাহিত্যৰ প্ৰতি উৎকৃষ্ট বৰঙণি আগবঢ়োৱা ছয়গৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে প্রয়াত চিদানন্দ শইকীয়া, প্রয়াত গোলাপ খাউণ্ড, প্রয়াত ভৱেশ শইকীয়া, প্রয়াত মহেন্দ্র নাথ হাজৰীকা, ড° বিভা বৰা আৰু সুৰেণ বড়িক সম্বৰ্ধনা জনোৱা হয়।বোকাখাতৰ পৌৰপতি, উপ – পৌৰপতি,আমন্ত্ৰিত অতিথি সকল, জ্যেষ্ঠ নাগৰিক সকল , বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় লোকে আজিৰ আলোচনা সভাত অংশগ্ৰহণ কৰে।