কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ” কৃত্ৰিম বুদ্ধিমত্তা মানৱ সমাজৰ বাবে আশীৰ্বাদ” শীৰ্ষক আন্তঃশ্ৰেণী তৰ্ক প্ৰতিযোগীতা
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ছয়মাইলস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰ্ক বিভাগৰ উদ্যোগত ০৪ নৱেম্বৰত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বছেৰেকীয়া তৰ্ক প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হয় ৷ এই তৰ্ক প্ৰতিযোগিতাৰ বিষয় আছিল “কৃত্ৰিম বুদ্ধিমত্তা মানৱ সমাজৰ বাবে আশীৰ্বাদ” (Artificial Intelligence (AI) is a Boon for Human Society ) ৷ তৰ্ক প্ৰতিযোগিতাখনি উন্মোচন কৰি অধক্ষ্যা ড° শিখামণি কোঁৱৰে বৰ্তমান সমগ্ৰ বিশ্বতেই চৰ্চা হৈ থকা এই বিষয়টিত চৰ্চা কৰিবলৈ ছাত্ৰ-ছাত্ৰী আগবাঢ়ি অহাত সন্তুষ্টি প্ৰকাশ কৰে ৷ উপাধ্যক্ষা ড° মৌচুমী বৰদলৈ হাজৰিকাই ছাত্ৰ-ছাত্ৰীসকলক এই ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সমাজলৈ এক শুভ বাৰ্তা কঢ়িয়াই আনিব বুলি তেওঁৰ বক্তব্যত আশা ব্যক্ত কৰে ৷ প্ৰতিযোগিতাখনিত অংশ গ্ৰহণ কৰি বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিষয়টিৰ সপক্ষে আৰু বিপক্ষে মতামত ব্যক্ত কৰে ৷ আজিৰ তৰ্ক প্ৰতিযোগিতাত প্ৰথম স্হান লাভ কৰে স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ বিষ্ণুৰত বৰাই , ২য় স্হান লাভ কৰে স্নাতক ৩য় ষাণ্মাসিকৰ ছাত্ৰ হীৰক জ্যোতি নাথে , ৩য় স্হান লাভ কৰে স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ হীৰক জ্যোতি হালৈয়ে আৰু উদগনিমূলক বঁটা লাভ কৰে স্নাতক ৩য় ষাণ্মাসিকৰ ছাত্ৰী ভায়লিনা কলিতাই ৷ এই বছৰৰ পৰা তৰ্ক প্ৰতিযোগিতাৰ বিজয়ীসকলক মানপত্ৰ আৰু বঁটাৰ লগতে নগদ ধনো আগবঢ়োৱা হৈছে ৷ মহাবিদ্যালয়খনে এই তৰ্ক প্ৰতিযোগিতাখনি ২০১৬ চনৰ পৰা অনুষ্ঠিত কৰি আহিছে ৷ আজিৰ তৰ্ক প্ৰতিযোগিতাত সদনৰ অধ্যক্ষৰ আসন গ্ৰহণ কৰে ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° অনুপ কুমাৰ ডেকাই৷ বিচাৰকৰ আসন শুৱনী কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° কানন মেধী পাটগিৰী, শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° তাচৰিনা হুছেইন আৰু অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড° মাধুৰ্য্য চেতিয়াই ৷ তৰ্ক বিভাগৰ তত্বাৱধায়ক অধ্যাপিকা ক্ৰমে ইন্দ্ৰানী কলিতা চৌধুৰী , ড° মৃন্ময়ী বৰুৱা আৰু ড° কাশ্মীৰী গগৈ বৰুৱাই অনুষ্ঠানটি পৰিচালনা কৰে ৷ অনুষ্ঠানটিৰ আঁত ধৰে ছাত্ৰ একতা সভাৰ তৰ্ক বিভাগৰ সম্পাদিকা ছাত্ৰী প্ৰিয়ংকা শৰ্মাই ৷