কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ভাষা গৌৰৱ সপ্তাহ উদযাপন উপলক্ষে বক্তৃতানুষ্ঠান আৰু ড° ভূপেন হাজৰিকাৰ মৃত্যু তিথি উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ছয়মাইলৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ উদ্যোগত অসম চৰকাৰৰ ৩ নবেম্বৰৰ পৰা ৯ নবেম্বৰ-২০২৪লৈ ; ভাষা গৌৰৱ সপ্তাহ উদযাপন উপলক্ষে “অসমীয়া ভাষাৰ প্ৰাচীনত্ব আৰু ধ্ৰুপদী মৰ্যাদা ” শীৰ্ষক এটি বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে অধ্যক্ষা ড° শিখামণি কোঁৱৰে অসমীয়া ভাষাৰ এক চমু অৱলোকন আগবঢ়ায় ৷ মূল বিষয় “অসমীয়া ভাষাৰ প্ৰাচীনত্ব আৰু ধ্ৰুপদী মৰ্যাদা” বিষয়টিৰ আলোচনাত বক্তা মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° কানন মেধী পাটগিৰীয়ে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আগবাঢ়ি অহা অসমীয়া ভাষাৰ প্ৰাচীনত্ব আৰু ইয়াৰ সমৃদ্ধিশালীতাৰ বিষয়ে ব্যক্ত কৰে ৷ অতি প্ৰাচীন কালৰ শিলৰ স্তম্ভ , মঠ-মন্দিৰত খোদিত আখৰ , ৰজাদিনীয়া বিভিন্ন মোহৰ, বিদেশী পৰিব্ৰাজকৰ টোকা, বিভিন্ন পুথি আদিত অসমীয়া ভাষাই নিজৰ স্হিতি ক্ৰমে ক্ৰমে শক্তিশালী কৰি আনিছিল ৷ বৰ্তমান অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰি অসমীয়া ভাষাক আৰু অধিক শক্তিশালী কৰি তুলিলে ৷ সুধাকণ্ঠ ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু তিথি ৷ সেই উপলক্ষে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু মহাবিদ্যালয়ৰ আন এটি অনুষ্ঠান ৰূপান্তৰৰ সহযোগত ড° ভূপেন হাজৰিকাৰ ব্যক্তিত্বৰ আধাৰত এটি বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয় ৷ অধ্যক্ষা ড° শিখামণি কোঁৱৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ আৰম্ভণি কৰে ৷ ৰূপান্তৰৰ সভাপতি ছাত্ৰ মৈত্ৰভ অভিজ্ঞানমে অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে ৷ ইয়াৰ পিছতে মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° অনুপ কুমাৰ ডেকাই সুধাকণ্ঠ , ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ দেৱৰ ব্যক্তিত্ব আৰু তেওঁৰ গীতৰ বিষয়ে এক আলোচনা দাঙি ধৰে ৷ বক্তা ড° অনুপ কুমাৰ ডেকাই ব্যক্ত কৰে যে ড° ভূপেন হাজৰিকা আছিল বহুমুখী প্ৰতিভাধৰ ব্যক্তি ৷ তেওঁৰ ৰচনা আৰু গীতে পৃথিৱীক সামৰি লৈছে ৷ মাত্ৰ এঘাৰ বছৰ বয়সতে তেওঁ শ্ৰীমন্ত শংকৰদেৱ আৰু অসমৰ পৰিস্থিতিক লৈ গীত ৰচনা কৰিছিল ৷ বক্তৃতানুষ্ঠানৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰদ্বাৰা পৰিবেশিত নৃত্য-গীতেৰে সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ অনুষ্ঠানৰ আঁত ধৰে ছাত্ৰ একতা সভাৰ সম্পাদক হীৰক জ্যোতি নাথে ৷