আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হ’ল ড’নাল্ড ট্রাম্প
ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহাসিক বিজয়েৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হ’ল প্রাক্তন ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান প্রার্থী ড’নাল্ড ট্রাম্প। ৫ নৱেম্বৰত আনুষ্ঠানিক ভোটগ্রহণৰ পাছত ঘোষিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলত ৰিপাব্লিকান প্রার্থী ৭৮ বছৰীয়া ড’নাল্ড ট্রাম্পে প্রতিদ্বন্দ্বী ডেম’ক্রেট প্রার্থী তথা উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক পৰাজিত কৰি মার্কিন যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হয়। বিশ্বৰ প্ৰাচীনতম গণতান্ত্রিক দেশখনত এবাৰ পৰাজিত হৈ পুনৰ ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হৈ দ্বিতীয় গৰাকী ব্যক্তি হিচাপে ইতিহাস গঢ়িলে ড’নাল্ড ট্রাম্পে। ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হ’বলৈ প্রয়োজনীয় মেজিক সংখ্যা ২৭০ অতিক্ৰম কৰি ৰিপাব্লিকান প্রার্থী ট্রাম্পে ২৭৭টা ইলেক্ট্র’ৰেল কলেজ ভোট লাভ কৰে। মুঠ ৫৩৮ ইলেক্ট্র’বেল কলেজ ভোটৰ ভিতৰত ট্রাম্পে ২৭৭টা লাভ কৰাৰ বিপৰীতে ডেম’ক্রেট প্রার্থী কমলা হেৰিছে লাভ কৰে ২২৬টা। নির্বাচনী প্ৰচাৰৰ সময়ত দেশখনৰ সংবাদ সংস্থাসমূহে চলোৱা সমীক্ষাত ট্রাম্প বনাম হেৰিছৰ যুঁজখন তীব্র প্রতিদ্বন্দ্বিতামূলক হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও ঘোষিত ফলাফলত তাৰ বিপৰীত ছবি এখন প্রতিফলিত হয়। ঘোষিত ফলাফলত ৫১খন প্ৰদেশৰ ভিতৰত ট্রাম্পে ৩১খনতে জয়লাভ কৰাৰ বিপৰীতে হেৰিছে জয়লাভ কৰে ২০খনত। উল্লেখ্য যে ৰাষ্ট্ৰপতি নির্বাচনৰ ফলাফলত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত ৭খন প্রদেশতে ট্রাম্পে অভাৱনীয় জয় লাভ কৰে আৰু এই জয়েই ট্রাম্পক দেশখনৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত কৰাত সহায় কৰে। পেনচিলভেনিয়া, আৰিজনা, জর্জিয়া, মিচিগান, নেভাডা, উত্তৰ কেৰ’লিনা আৰু উইছকনছিনত ট্রাম্প আৰু হেৰিছে নিজৰ বিজয় সাব্যস্ত কৰিবলৈ আপ্রাণ চেষ্টা চলাই তাৰকা প্ৰচাৰকৰ দ্বাৰা অভিযান চলায় যদিও এই সাতোখন প্রদেশতে ট্রাম্পে অভাৱনীয় জয়লাভ কৰে। ইয়েই ট্রাম্পক ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰ হোৱাইট হাউছ দখলৰ সুযোগ দিয়ে। ২০২০ চনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ৰিপাব্লিকান প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰি ডেম’ক্রেট প্রার্থী জ’ বাইডেনৰ হাতত পৰাজিত হয়। চাৰি বছৰ ক্ষমতাৰ বাহিৰত থাকি পুনৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াই ডেম’ক্রেটিক প্রার্থী কমলা হেৰিছক পৰাজিত কৰি ড’নাল্ড ট্রাম্প পুনৰ মার্কিন ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হয়। দেশখনত ১৩২ বছৰৰ পাছত ড’নাল্ড ট্রাম্পে দ্বিতীয়বাৰৰ বাবে হোৱাইট হাউছ দখল কৰি ইতিহাস গড়া দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি। ইয়াৰ পূৰ্বে গ্র’ভাৰ ক্লেভাৰলেণ্ডে এনেদৰে চাৰি বছৰ ব্যৱধানৰ পাছত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি পদত জয়লাভ কৰিছিল। ৰাষ্ট্ৰপতি নির্বাচনত ড’নাল্ড ট্রাম্পে প্রায় ৭ কোটি ভোট লাভ কৰিছে। ড’নাল্ড ট্রাম্পে ৫০.০৭ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে প্ৰতিদ্বন্দ্বী হেৰিছে লাভ কৰিছে ৪৮ শতাংশ ভোট।ইপিনে দ্বিতীয়বাৰৰ বাবে ইতিহাস সৃষ্টিৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হোৱা ড’নাল্ড ট্রাম্পক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে । আগন্তুক দিনত ঐক্যবদ্ধভাৱে ভাৰত-আমেৰিকাই কাম কৰি যাব বুলিও মোদীয়ে ট্রাম্পক জনোৱা অভিনন্দন বাৰ্তাত উল্লেখ কৰিছে।