গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰকোপ : আধুনিক পৃথিৱীৰ এক জলন্ত সমস্যা
ইমৰাণ আনছাৰি
প্ৰথম ষান্মসিক ,
বি. বৰুৱা মহাবিদ্যালয়
যোৱা কেইটামান দশক প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰি আহিছে। এই বিকাশে মানুহৰ দৈনন্দিন জীৱন সুখ আৰু সহজময় কৰি তুলিছে। মানুহে প্ৰযুক্তি আৰু যন্ত্ৰৰ যথেষ্ট বিকাশ সাধন কৰিছে যিয়ে মানৱ জাতিৰ উন্নয়নৰ ক্ষেত্ৰত বাৰুকৈ সহায় কৰে। কিন্তু উন্নয়নৰ নামত এই বিকাশে মানৱ জীৱন সহজ কৰি তুলাৰ সমান্তৰালকৈ জীৱ বাসস্থি পৃথিৱীৰ যথেষ্ট ক্ষতি সাধনো কৰিছে ; ইয়াৰ এক মুখ্য ক্ষতি হ’ল জলবায়ু পৰিৱৰ্তন । গোলকীয় উষ্ণতা বৃদ্ধিয়েই হৈছে জলবায়ু পৰিৱৰ্তনৰ মূখ্য কাৰণ ।
পৃথিৱীখন সৃষ্টিৰে পৰা প্ৰয়োজনীয় তাপ আৰু পোহৰ সূৰ্যৰ পৰা পাই আহিছে ; যাৰ ফলত এই ধৰা পৃষ্ঠাত জীৱ কুল জীয়াই থকোটো সম্ভৱ হৈ আছে। কিন্তু বৰ্তমান সময়ত ধৰা পৃষ্ঠাৰ উত্তাপ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে , যিয়ে বহুতো জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৃথিৱীৰ পৰিৱেশৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে যিয়ে আজিৰ সময়ত আমাক ইয়াৰ সমস্যাৰ সন্মুখীন কৰাইছে । গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী হ’ল একমাত্ৰ মানুহ আৰু মানুহৰ কিছু অবিবেচক কাৰ্যকলাপ। অৰ্থনৈতিক উন্নয়নৰ নামত মানুহে পাৰিৱেশৰ উপাদানবোৰ বিচাৰহীন ভাবে যি হাৰে ধ্বংস কৰিব ধৰিছে তাৰ উপহাৰ হিচাপেই হয়তো মানৱ জীৱনলৈ নামি আহিছে গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে পৰিঘটনা ; যাৰ সমাধান হয়তো কম সময়ৰ ভিতৰত সম্ভৱ নহয়।
গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা কোনো বিশেষ অঞ্চলৰ সমস্যা নহয় , ই সমগ্ৰ বিশ্ববাসীৰ বাবে এক জলন্ত সমস্যা। যদিও ই সামূহিক কিন্তু আমি নিজৰ নিজৰ অঞ্চল বা ৰাজ্যৰ কিছু বিচাৰহীন সম্পন্ন কাৰ্য এই ক্ষেত্ৰত আলোচনা নকৰিলে নহয়। ইছলাম ধৰ্মৰ প্ৰচাৰক হজৰত মহম্মদে এটি বাক্য কৈছে _ ” আনক মিঠাই খাবলৈ বন্ধ কৰোৱাৰ কৰাৰ আগতে নিজে মিঠাই খোৱা বন্ধ কৰিব লাগিব। ” সেয়ে সামগ্ৰীক দিশ আলোচনা কৰাৰ আগতে পোন প্ৰথমে আমি আমৰ অঞ্চল তথা অসমৰ কথা উল্লেখ কৰিব লাগিব।
মৌচুমী জলবায়ু ৰাজ কৰা অসমৰ বাসিন্দা হৈ আজিৰ সময়ত প্ৰশ্ন কৰিব লগা হৈছে যে ” আমাৰ ইয়াত ৪০° ছে. আপোনাৰ ফালে কিমান?” এয়া কিন্তু ধেমালিৰ কথা নহয় । ইমান বেছি গৰম দিয়াটো এক চিন্তনীয় বিষয়। ১৭০৪ খ্ৰীষ্টাব্দত ছাৰ আইজাক নিউটনে ২০৬০ চনত পৃথিৱীৰ অন্ত পৰিব বুলি ভবিষ্যত বাণী কৰিছিল ; আৰু এয়া চাগে এতিয়া বাস্তৱৰ দিশত আগুৱাইছে । মানুহে যি হাৰে গছ-গছনি কাটিব ধৰিছে , পকী অট্টালিকা বনোৱা , ৰাস্তা-ঘাট বনোৱাৰ নামত প্ৰকৃতি বিনষ্ট কৰি আহিছে ইয়াৰ ফলত প্ৰতি বছৰে ২° কৈ তাপমাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে , বৰ্তমান গড় হিচাপে ৩৭° ; এনেকৈ বাঢ়ি গৈ থাকিলে অনুমান কৰা মতে ২০৬০ চনত হ’বগৈ ১০৯° একেবাৰে কম ১০০° । যিয়ে পৃথিৱী আৰু ইয়াৰ জীৱ কুলৰ যথেষ্ট ক্ষতি সাধন কৰিব বুলি ধাৰণা কৰিব পাৰি। গতিকে আমি আমাৰ দৈনন্দিন কাৰ্যক্ষেত্ৰত প্ৰকৃতিক সংযুক্ত কৰাৰ আগতে বিবেচনা কৰিব পৰা হ’ব লাগিব যে আমাৰ কাৰ্যৰ জৰিয়তে প্ৰকৃতিৰ কোনো ক্ষতি হৈছে নে ? বা হ’লেও ইয়াৰ সমাধান কিদৰে কৰিব পাৰোঁ ! পোনেই এই বিষয়ে সজাগ আৰু সতৰ্কতা অৱলম্বন কৰিব লাগিব।
আজি অসমৰ বিভিন্ন অবিবেচক কাৰ্যকলাপে গোলকীয় উষ্ণতা বৃদ্ধিত বাৰুকৈ অৰিহনা যোগাইছে । আজিৰ তাৰিখত চৰকাৰেই গছ – গছনি কাটিবলৈ আদেশ প্ৰদান কৰা দেখা পোৱা যায়। খৈৰাবাৰীৰ ৰেল ষ্টেচন নিৰ্মাণ কৰাৰ নামত এশ বছৰৰো অধিক কাল সেৱা আগবঢ়াই থকা দুজোপা বৃহৎ আহত গছ বিভাগীয় কতৃপক্ষই কাটি পেলায়। যদি আমিনগাঁওৰ পিনে চায় তেন্তে আপুনি দেখা পাব উদ্যোগ সমূহৰ পৰা কিমান যে কাৰ্বণ-মন-অক্সাইড নিৰ্গত হৈ আছে , ইটা ভাটাবোৰৰ পৰা ওলোৱা ধোৱা , ৰাস্তা – ঘাট , ঘৰ-দোৱাৰ নিৰ্মাণৰ নামত কিমান যে বনাঞ্চল কাটি আমি তহিলং কৰি আছোঁ , এইবোৰ এবাৰ চিন্তা পাইছোঁনে ! গতিকে উন্নয়নৰ নামত বিকল্প ব্যৱস্থা আৰম্ভ নকৰি যধে মধে গছ – গছনি ধ্বংস কৰি থাকিলে গোলকীয় উষ্ণতা বৃদ্ধি পোৱাটো সাধাৰণ বিষয় হৈ পৰিব।
বিশ্বব্যাপী ঘটি থকা বহু প্ৰাকৃতিক ঘটনাৰ সৈতে গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিঘটনাও দৃশ্যমান হৈছে ; যিয়ে প্ৰতিটো জীৱিত প্ৰজাতিক প্ৰভাৱিত কৰিছে । গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণবোৰৰ সৰহভাগেই মানৱ নিৰ্মিত আৰু কিছু প্ৰাকৃতিক । আগ্নেয়গিৰিৰ উদগিৰণ , সেউজগৃহ গেছ আদিবোৰ প্ৰাকৃতিক , আনহাতে ঔদ্যোগিকৰণ , দ্ৰুত নগৰীকৰণ , বন ধ্বংস , অত্যধিক ইন্ধন ব্যৱহাৰ , অত্যাধুনিক মানৱ কাৰ্যকলাপ ইত্যাদি মানৱ নিৰ্মিত কাৰণ। এইবোৰ কাৰণৰ ফলত বায়ুমণ্ডলত নাইট্ৰছ অক্সাইড , মিথেন , কাৰ্বন – ডাই – অক্সাইড আৰু অন্যান্যকে ধৰি সেউজগৃহ গেছৰ নিৰ্গমন বৃদ্ধি পাইছেহি ।
বায়ুমণ্ডলৰ এনে ক্ৰমাগত উত্তপ্ত পৰিস্থিতি যদি নিয়ন্ত্ৰণ নহয় তেন্তে পৃথিৱীলৈ নামি আহিব ঘোৰ অমানিশা , যিয়ে হৈতো পৃথিৱীৰ পৰা চিৰদিনৰ বাবে দূৰ কৰি দিব জীৱ কূলৰ অস্তিত্ব । বায়ুমণ্ডলৰ উত্তাপ কমিলে যি দৰে পানী বৰফলৈ পৰিণত হয় ; ঠিক সেইদৰে উত্তাপ বাঢ়িলে বৰফে পানীৰ ৰূপ ধাৰণ কৰে । মেৰু অঞ্চলবোৰৰ লগতে সুউচ্চ পৰ্বতমালাত প্ৰায় ২৯ নিযুত ঘন পানী বৰফৰ ৰূপে জমা হৈ আছে । যদি এই বৃহৎ পৰিমাণৰ বৰফ গলি পানীলৈ ৰূপান্তৰিত হয় তেন্তে বৰ্তমানৰ সাগৰ পৃষ্ঠা বহু পৰিমাণে ওপৰলৈ উঠি আহিব ; যিবোৰ দেশ বা অঞ্চল প্ৰায় পৃষ্ঠৰ উচ্চতাত অৱস্থিত যেনে _ মালেছিয়া , লাক্ষা দীপ , আন্দামান নিকোবৰ দ্বীপপুঞ্জ , ভাৰতৰ দক্ষিণৰ ৰাজ্যবোৰৰ লগতে বিশ্বৰ বহুতো অঞ্চল নিমিষতে পানীত ডুব যাব । সেয়ে বহু ৰাজনীতিবিদে কয় যে , ” ইন্ধনক কেন্দ্ৰ কৰি নহয় , তৃতীয় বিশ্বযুদ্ধৰ পাতনি মেলিব পানীক কেন্দ্ৰ কৰি।”
গোলকীয় উত্তাপ বৃদ্ধিয়ে ভিন্ন অঞ্চলৰ বৰষুণৰ ধৰণ সলনি কৰিব। ফলত – মেলেৰিয়া, ফাইলেৰিয়া, ইলিফেনটাইটিছ বিভিন্ন বাহকৰ দ্বাৰা হোৱা ৰোগৰ প্রার্দুভাব বৃদ্ধি কৰিব।
গোলকীয় উত্তাপ বৃদ্ধিয়ে কৃষিৰ ওপৰতো যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাব । বহু ঠাইত শস্যৰ উৎপাদন হ্ৰাস পাই দুৰ্ভিক্ষই দেখা দিব। উত্তাপ বৃদ্ধিৰ ফলত শুকান পৰিৱেশৰ সৃষ্টি হ’ব । মৰুভূমি অঞ্চলৰ সীমাত থকা গছ – গছনি মৰহি যাব আৰু মৰুভূমিৰ পৰিসীমা বৃদ্ধি পোৱাটো নিশ্চিত।
গতিকে সমগ্ৰ আলোচনাৰ পৰা এটা সিদ্ধান্তত উপনীত হ’ব পাৰি যে আমাৰ পৃথিৱীখন এক অসুস্থ পৰিবেশত ককবকাই আছে ; আমাৰ পৰা সাহায্য পোৱা আশাৰে। বিদ্যালয়ত পঢ়ি থকাৰ সময়ত কোনোৱে যদি ভুল কৰি স্বীকাৰ কৰা নাছিল তাৰ বাবে শিক্ষকে সকলোকে শাস্তি। ঠিক সেইদৰে আজিৰ দিনত কিছু সংখ্যক মানুহৰ প্ৰকৃতি বিৰোধী কামৰ বাবে সকলো জীৱিত প্ৰাণীয়ে ইয়াৰ কুফল ভোগ কৰিব লগা হৈছে । যিয়েই নহওঁক ; যিহেতু আমি মানৱ জীতিৰ বিভিন্ন কাৰ্যকলাপ বাবে গোলকীয় উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে সেয়ে আমি মানু্হেই এই সমস্যা ৰোধ কৰিবলৈ এখোজ আগুৱাই আহিব লাগিব। বায়ুমণ্ডলত অক্সিজেন আৰু বৰষুণৰ পৰিমাণ বৃদ্ধিৰ বাবে গছ ৰোপণ কৰি , কল-কাৰখানাৰ ব্যৱহাৰ সীমিত কৰি , অৰণ্য ধ্বংসৰ বিপৰীতে ইয়াৰ পৰিসৰ বৃদ্ধি কৰি , পৰিৱেশ অনুকুল কৰি ৰাখিবলৈ বিকল্প ইন্ধনৰ আবিষ্কাৰ কৰি আমি হৈতো গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিব পাৰিম ; আৰু এয়া আমাৰ দায়িত্ব আৰু কৰ্তব্য । এই সমস্যা সমগ্ৰ বিশ্ববাসীৰ , সমগ্ৰ মানৱ জাতিৰ । সেয়ে ইয়াক ৰোধ কৰিবলৈ প্ৰতিজন ব্যক্তি , প্ৰতিটো ৰাষ্ট্ৰ একত্ৰিত হৈ উমৈহতীয়া হিচাপে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব । অন্যথা মানৱ জাতিৰ অস্তিত্ব চিৰদিনৰ বাবে এই পৃথিৱীৰ বুকুৰ পৰা নোহোৱাটো নিশ্চিত বুলিব পাৰি।