আমি নৈপৰীয়া
ছেলিমা বেগম
নগাঁও
আমি নৈপৰীয়া খাটীখোৱা মানুহ ,
ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনদী
আমাৰ গাঁৱৰ অঞ্চলত প্ৰবাহিত হৈ আছে
গাঁওখনৰ সৌন্দৰ্য্য বৃদ্ধি কৰি থাকে।
নৈসৰ্গিক সৌন্দৰ্য্যত থাকি লাগে ভাল
আমি নৈপৰীয়া মুগ্ধ হৈ থাকোঁ
বানপানীৰ লগত খেতিৰ বাবে।
টলমল যৌৱনত মতলীয়া হৈ
বাৰিষাৰ পানীৰ লগত যুঁজ কৰো ,
বাৰিষা আহিলে কল গছৰ বোৰ খন
আমাৰ বাবে যাতায়তৰ একমাত্ৰ সম্বল ।
আকাশ বতাহ মাথোঁ
এটি হুমুনিয়া আমি নৈপৰীয়া
কষ্ট হৈছে আমাৰ জীৱন নিৰ্বাহ।
ব্ৰহ্মপুত্ৰৰ পানীৰ সৈতে আমাৰ ধেমালি,
নীলা আকাশৰ তলত থাকি।
অস্ত যোৱা সূৰ্য্য টোৱে যেন আমাৰ
লগত মনে মনে আহি
কথা পাতি মেলানি মাগে ।