জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰাৰ নিৰ্দেশ নলবাৰী  চি জে এম  আদালতৰ

জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰাৰ নিৰ্দেশ নলবাৰী  চি জে এম  আদালতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   নলবাৰী মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে আই পি এছ বিষয়া তথা নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে অনতিপলমে গোচৰ ৰুজুৰ নিৰ্দেশ দিছে।নিলম্বিত ৰাজহ চক্ৰ বিষয়া অপৰ্ণা শৰ্মাৰ এক আবেদনৰ ভিত্তিত আদালতে এই নিৰ্দেশ জাৰি কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য় যে যোৱা ৭ মে’ত লোকসভা নিৰ্বাচনৰ দিনা নিশা নলবাৰীৰ ইভিএম কক্ষ তথা ষ্ট্ৰং ৰুমত জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ লগত তেতিয়াৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অৰ্পণা শৰ্মাৰ কথাৰ কটাকটি হৈছিল । অভিযোগ অনুসৰি বৰ্ণালী ডেকাৰ নিৰ্দেশ মৰ্মে অপৰ্ণা শৰ্মালৈ আক্ৰমণাত্মকভাৱে চোঁচা লৈছিল আয়ুক্ত গৰাকীৰ পি এ য়ে।  ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে জিলা আয়ুক্তৰ বিৰুদ্ধে ৮ মে’ত নলবাৰী সদৰ আৰক্ষী থানাত এক গোচৰ তৰিছিল যদিও পিচলৈ আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন নকৰা বাবে চক্ৰ বিষয়া অৰ্পণা শৰ্মাই আদালতত আবেদন জনাইছিল ৷ অৰ্পণা শৰ্মাৰ আবেদনৰ ভিত্তিত মুখ্য় ন্য়ায়িক দণ্ডাধীশৰ আদালতে সংশ্লিষ্ট আৰক্ষী থানাত গোচৰ পঞ্জীয়ন কৰাৰ নিৰ্দেশ দিয়ে ।আনহাতে জিলা আয়ুক্ত গৰাকীৰ অভিযোগৰ ভিত্তিত চাকৰিৰ পৰা নিলম্বন কৰে অপৰ্ণা শৰ্মাক।ইয়াকে লৈ ক্ষুণ্ণ হৈ পৰিছে নলবাৰী মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত। সমগ্ৰ ঘটনাক লৈ আৰক্ষী বিষয়াৰ হেমাহি তথা গাফিলতিক নিন্দা কৰা লগতে অতি শীঘ্ৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে নলবাৰী মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, প্ৰায়ে নিজ কৰ্তব্য স্থানত এনেধৰণৰ কাণ্ড কৰি বিতৰ্কৰ সন্মুখীন হৈ আহিছে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা।