পুনৰ হোৱাইট হাউছ দখল ড’নাল্ড ট্ৰাম্পৰ

 পুনৰ হোৱাইট হাউছ দখল ড’নাল্ড ট্ৰাম্পৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সকলো ভৱিষ্যতবাণী মিছা প্ৰমাণিত কৰি আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল ড’নাল্ড ট্ৰাম্প।  দ্বিতীয়টো কাৰ্যকালৰ বাবে হোৱাইট হাউছৰ বাসিন্দা হ’ব ড’নাল্ড ট্ৰাম্প। কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড’নাল্ড  ট্ৰাম্পে সহজতে স্পৰ্শ কৰে জয়ৰ বাবে প্ৰয়োজন হোৱা ২৭০ মেজিক নম্বৰ। ১৯৪৬ চনত ১৪ জুনত জন্ম গ্ৰহণ কৰা ড’নাল্ড ট্ৰাম্পে ২০১৭ চনত প্ৰথমবাৰ মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে জয়লাভ কৰিছিল। ২০২১ চনৰ লৈকে তেওঁ এই দায়িত্বত আছিল। বিতৰ্কৰ মাজত সোমাই পৰা ড’নাল্ড ট্ৰাম্পৰ এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰতিদ্বন্দ্বী আছিল কমলা হেৰিছ।  জয়ৰ পথ প্ৰশস্ত হোৱাৰ পিছতে ট্ৰাম্পক অভিনন্দন জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সামাজিক মাধ্যমত ট্ৰাম্পৰ সৈতে কিছু পুৰণি ফটো পোষ্ট কৰি মোদীয়ে লিখিছে, ‘‘আহক একেলগে কাম কৰো!’’ ভাৰত আৰু আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্ক আরু দৃঢ় কৰাৰ আহ্বান জনালে মোদীয়ে। লগতে বিশ্ব শান্তি, স্থিতিক লৈ একেলগে কাম কৰাৰ কথাও ক’লে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।