পাকিস্তানক ২ উইকেটত পৰাস্ত কৰে অষ্ট্ৰেলিয়াই
ৰঙিলী বাৰ্ত্তাসেৱা- মেলব’র্নত অনুষ্ঠিত প্রথমখন এদিনীয়া মেচত ঘৰুৱা দল অষ্ট্ৰেলিয়াই পাকিস্তানক ২ উইকেটত পৰাস্ত কৰে আৰু তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোত ১-০ৰ অগ্রগতি লাভ কৰে। মেচখনত পাকিস্তানে জয়ৰ বাবে বান্ধি দিয়া ২০৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও জ’ছ ইংলিছৰ ৪৯, ষ্টিভেন স্মিথৰ ৪৪ আৰু অধিনায়ক পেট কামিনছৰ অপৰাজিত ৩২ ৰানৰ সহায়ত অষ্ট্ৰেলিয়াই ৩৩.৩ অভাৰত ৮টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। এটা সময়ত মেচখনত অষ্ট্ৰেলিয়াই পৰাজয়ৰ গৰাহত পৰিছিল যদিও কামিনছে চমকপ্রদ বেটিং প্ৰদৰ্শন দাঙি ধৰি দলটোৰ জয়ত মুখ্য ভূমিকা পালন কৰে। অ’পেনাৰ মেথিউ শ্বৰ্টে ১, জেক ফ্ৰেজাৰ- মেকগার্কে ১৬, লাবুচানেই ১৬, আৰ’ন হার্ডিয়ে ১০ আৰু মেক্সবেলে কোনো ৰান নকৰাকৈ বিদায় লয়। পাকিস্তানৰ হৈ হৰিশ ৰৌফে সর্বাধিক ৩টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰিবলৈ আহি অধিনায়ক মহম্মদ ৰিজৱানৰ ৪৪, নাছিম শ্বাহৰ ৪০, বাবৰ আজমৰ ৩৭, শাহিন শাহ আফ্রিদীৰ ২৪ আৰু ইৰফান খানৰ ২২ ৰানৰ সহায়ত পাকিস্তানে ৪৬.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২০৩ ৰান কৰে। অষ্ট্ৰেলিয়াৰ হৈ মিচেল ষ্টার্কে সর্বাধিক ৩টা উইকেট লাভ কৰে আৰু মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।