শিলসাঁকোৰ মাটি পুনৰ ঘূৰাই লোৱাৰ যো-জা শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ
পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ নোপোৱাত নিজৰ ভেটি ঘূৰাই লোৱাৰ সিদ্ধান্ত উচ্ছেদিতৰ
ক্ষতিপূৰণৰ বাবে জিএমডিএ প্রস্তুত কৰা তালিকাত উচ্ছেদ নোহোৱা লোকৰ নাম অন্তর্ভুক্তিক লৈও সৰৱ উচ্ছেদিত ৰাইজ
ৰঙিলী বাৰ্ত্তাসেৱা- শিলসাঁকোৰ পাৰৰ উচ্ছেদিত ভুক্তভোগী পৰিয়ালৰ পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবীত চলি থকা আন্দোলনে দুবছৰ অতিক্ৰম কৰিলে। শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ প্ৰতিনিধিৰে আলোচনাত মিলিত হৈ চলিত বৰ্ষৰ দুর্গা পূজাৰ আগে-পাছে উচ্ছেদিত লোকসকলৰ ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন সম্পৰ্কত প্রয়োজনীয় ব্যৱস্থাপনা কৰাৰ আশ্বাস প্রদান কৰিছিল যদিও বর্তমানলৈকে কোনো ধৰণৰ সঁহাৰি পোৱা নগ’ল- সেই অভিযোগ শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ। কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত শিলসাঁকোৰ পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেত্ৰী গায়ত্ৰী বৰি, চিলাৰাণী দলে আৰু বিতুমনি দাস বেগমে কয় যে যোৱা ৮ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে জনতা ভৱনত মুখ্যমন্ত্ৰীৰ আমন্ত্রণ মর্মে আমি আলোচনাত মিলিত হৈছিলো। সেই আলোচনাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দুর্গা পূজাৰ ভিতৰত আমাৰ শিলসাঁকোৰ উচ্ছেদিত প্ৰতিটো পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ লগতে পুনৰ সংস্থাপনৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত, জিএমডিএ সমন্বিতে মুখ্যমন্ত্রীয়ে নিজে উচ্ছেদিত লোকৰ প্রতিনিধিৰে দ্বিতীয়লানি আলোচনাত মিলিত হোৱাৰ আশ্বাস দিছিল যদিও দুর্গা পূজা পাৰ হৈ যোৱা আজি দুসপ্তাহ হৈ গ’ল। কিন্তু আমি ক্ষতিপূৰণ নাপালো আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত হ’বলগীয়া আলোচনাও নহ’ল। আমি জিএমডিএ-ৰ কাৰ্যালয়ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ খবৰ ল’বলৈ যোৱাত কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই, বৰং আমি লক্ষ্য কৰিছো যে জিএমডিএ ক্ষতিপূৰণৰ বাবে যি তালিকা প্রস্তুত কৰিছে সেই তালিকাত বহু উচ্ছেদিত থলুৱা লোকৰ নাম অন্তর্ভুক্ত হোৱা নাই। বিপৰীতে সেই তালিকাত উচ্ছেদ নোহোৱা বহুতো লোকৰ নাম সন্নিৱিষ্ট কৰিছে যিয়ে আমাৰ ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ পোৱাৰ পৰা বঞ্চিত কৰিব বুলি উচ্ছেদিত ৰাইজৰ প্ৰতিনিধি বর্গই অভিযোগ উত্থাপন কৰে। ইয়াৰ উপৰি তেওঁলোকে জানিবলৈ দিয়ে যে, পুনৰ সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ সদিচ্ছা প্রকাশ কৰা নাই। সেয়েহে উচ্ছেদিত লোকসকলে তেওঁলোকক য’ত উচ্ছেদ কৰা হৈছিল, সেই মাটি পুনৰ অধিগ্রহণ কৰিবৰ কাৰণে ইতিমধ্যে উচ্ছেদিত লোকৰ শিবিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে।