৩-২ গ’লত ওড়িশা এফচিক পৰাস্ত কৰে নর্থ-ইষ্টে
ৰঙিলী বাৰ্ত্তাসেৱা- সৰুসজাইত ক্রমাগত দ্বিতীয়টো জয়ৰ সোৱাদ লাভ কৰিলে ঘৰুৱা দল নর্থ-ইষ্ট ইউনাইটেড এফচিয়ে। গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত নর্থ-ইষ্টে ওড়িশা এফচিক ৩-২ গ’লত পৰাস্ত কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বে সৰুসজাইত অনুষ্ঠিত মেচখনত নর্থ-ইষ্টে জামছেদপুৰক ৫-০ গ’লত পৰাস্ত কৰিছিল। এই মেচখনত ঘৰুৱা দলটোৰ জয়ৰ মূলতে আছিল বিদেশী খেলুৱৈ আলাউদ্দিন আজৰাইৰ দুটাকৈ দর্শনীয় গ’ল। খেলৰ ১২ আৰু ৪০ মিনিটত আলাউদ্দিনে গ’ল দুটা স্ক’ৰ কৰে আৰু মৰক্কোৰ আলাউদ্দিনে আইএছএলৰ এটা ছিজনৰ প্ৰথম ৭খন মেচত গ’ল দি নতুন অভিলেখ গঢ়ে। উল্লেখ্য যে আইএছএলৰ ক্ৰমাগত ৭খন মেচত গ’ল দিয়া আলাউদ্দিন হ’ল দ্বিতীয়গৰাকী খেলুৱৈ। ইয়াৰ পূৰ্বে ২০১৮ চনত দিল্লী ডায়নামো এফচিৰ কালু উচে এই অভিলেখ গঢ়িছিল। ইপিনে, নর্থ-ইষ্টৰ হৈ ফার্নাণ্ডেজে ৭১ মিনিটত তৃতীয়টো গ’ল স্ক’ৰ কৰে। আনহাতে, ওড়িশা এফচিৰ হৈ ৬০ মিনিটত বৌমৌছ আৰু ৮৩ মিনিটত ডিয়েগোই গ’ল দুটা স্ক’ৰ কৰে।