ষঠ পূজা উদযাপন সন্দৰ্ভত ডিব্ৰুগড় জিলা প্ৰশাসনৰ সভা

ষঠ পূজা উদযাপন সন্দৰ্ভত ডিব্ৰুগড় জিলা প্ৰশাসনৰ সভা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ত আগন্তুক ষঠ পূজা উদযাপন সন্দৰ্ভত বিতং আলোচনাৰ বাবে ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আজি (২৮ অক্টোবৰ) অতিৰিক্ত জিলা আয়ুক্ত অসীম বৰগোহাঁইৰ সভাপতিত্বত ষঠ পূজা উদযাপন সমিতিৰ বিষয়বৱীয়াৰ সৈতে এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত ষঠ পূজা উদযাপনৰ বাবে ঘাট নিৰ্ধাৰণ কৰাৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ সুবিধা হোৱাকৈ পূজাৰ ঘাটসমূহৰ প্ৰস্তুতি সন্দৰ্ভত বিতংকৈ আলোচনা কৰা হয়। এই ক্ষেত্ৰত জিলাখনৰ আটাইকেইটা ৰাজহচক্ৰৰ চক্ৰ বিষয়াসকলক নিজ নিজ এলেকাৰ অন্তৰ্গত ষঠ পূজাৰ ঘাটসমূহ জলসম্পদ বিভাগৰ বিষয়ববীয়া তথা আৰক্ষীৰ সৈতে যুটীয়াভাবে পৰ্যাবেক্ষণ কৰি ভক্তপ্ৰাণ ৰাইজৰ বাবে সুৰক্ষিত তথা সুবিধাজনক হয় নে নহয় সেই বিষয়ে তাৎক্ষণিক ভাৱে জনাবলৈ নিৰ্দেশ দিয়ে। আনহাতে, ষঠ পূজা উদযাপনৰ সময়ছোৱাত যাতে শান্তি শৃংখলা ভংগ নহয় লগতে কোনোধৰণৰ কুটাঘাটমূলক কাৰ্যকলাপ সংঘটিত নহয় তাৰ বাবে ষঠ পূজা উদযাপন সমিতিৰ বিষয়বৱীয়াসকলক সাৱধানতা অৱলম্বন কৰাৰ উপৰিও পৰ্যাপ্ত সংখ্যক স্বেচ্ছাসেৱক নিয়োগ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰোপৰি স্বেচ্ছাসেৱকসকলৰ নাম নিকটৱৰ্তী আৰক্ষী চকীত জমা দিবলৈ নিৰ্দেশ দিয়া হয়। আনহাতে, পুজাস্থলীত চি চি টিভি লগাবলৈয়ো নিৰ্দেশ দিয়া হয়। ভক্তপ্ৰাণ ৰাইজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা ঘাটত পূজা উদযাপন কৰিবলৈ আহ্বান জনায়। এই সভাত অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষ প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য বিষয়া আৰু আৰক্ষীৰ যানবাহন শাখাৰ বিষয়াবৰ্গ উপস্থিত থাকে।