উপ-নিৰ্বাচনৰ বাবে আজি পৰীক্ষা কৰা হয় মনোনয়নপত্র

উপ-নিৰ্বাচনৰ বাবে আজি পৰীক্ষা কৰা হয় মনোনয়নপত্র

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ নিৰ্বাচন আয়োগে অসমৰ ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি বিধানসভা সমষ্টিত হ’বলগীয়া উপ- নিৰ্বাচনৰ ভোটগ্রহণ অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। উপ-নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৫টা বিধানসভা সমষ্টিৰ বাবে ইতিমধ্যে সর্বমুঠ ৩৮গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছিল। আজি মনোনয়নপত্রসমূহ পৰীক্ষা কৰা অনুসৰি ক্ৰমে ১১নং ধলাই বিধানসভা সমষ্টিত ৯গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৯ গৰাকীৰে, ৩১নং চিদলী বিধানসভা সমষ্টিত ৩গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩ গৰাকীৰে, ৩২নং বঙাইগাঁও সমষ্টিত ৮গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৮ গৰাকীৰে ৭৭নং বিহালী বিধানসভা সমষ্টিত ৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৪ গৰাকীৰে মনোনয়ন গৃহীত কৰা হয়। আনহাতে, ৮৮নং চামগুৰি বিধানসভা সমষ্টিৰ মনোনয়নপত্র পৰীক্ষণ প্রক্রিয়া অহা ২৯/১০/২০২৪ তাৰিখৰ পুৱা ১১ বজালৈ স্থগিত ৰখা হয়। উল্লেখ্যযোগ্য যে মনোনয়নপত্র প্রত্যাহাৰ কৰাৰ অন্তিম তাৰিখ হ’ল ৩০ অক্টোবৰ, ২০২৪।