বিকাশ শৰ্মাৰ বিয়োগত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ শোক

বিকাশ শৰ্মাৰ বিয়োগত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ শোক

বোকাখাত,ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক, গোলাঘাটৰ বিকাশ শৰ্মাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে অসম ৰাজ্যিক সাংবাদিক সন্থাই। সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু সম্পাদক প্ৰদীপ কুমাৰ ডেকাই এক বিবৃতিত শৰ্মাৰ মৃত্যু সংবাদ জগতৰ বাবে অপুৰণী ক্ষতি বুলি উল্লেখ কৰিছে। কেইবাটাও অপৰাধ জনিত ঘটনাৰ অনুসন্ধান মূলক বাতৰিৰে সংবাদ জগতত এক উদাহৰণ প্ৰতিষ্ঠা কৰি থৈ যোৱা সাংবাদিক গৰাকীৰ বিয়োগ অসমৰ সংবাদ জগতৰেই এক বৃহৎ ক্ষতি বুলিও উল্লেখ কৰিছে। বিবৃতিত বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকগ্ৰস্ত পৰিয়াললৈও গভীৰ সমবেদনা জ্ঞাপন কৰিছে। আনহাতে বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত আৰু সম্পাদক নীলু আচাৰ্যয়ো শৰ্মাৰ বিয়োগত গভীৰ শোক প‌্ৰকাশ কৰিছে।