ঋতুয়ে ঋতুয়ে অহা চৰাই বোৰ
মিতালি বৰঠাকুৰ (আচাৰ্য ) ,
মালিগাঁৱ
সুন্দৰ চৰাই বোৰ প্ৰকৃতিৰ এক অনবদ্য উপহাৰ সৃষ্টিকৰ্তাৰ। প্ৰতিটো ঋতুৰ আগলি বতৰা কঢ়িয়াই আনে চৰাই -চিৰিকতি বোৰে। প্ৰকৃতিৰ এই অনিৰ্বচনীয় চৰাই – চিৰিকতি বোৰ এতিয়া দুৰ্লভ হৈ পৰিল নেকি ! অতীতৰ ৰং বিৰংগী চৰাই বোৰ আজি স্মৃতিৰ পটত হেৰাই গ’ল নেকি বাৰু!
পোকপৰুৱা ,পশুপক্ষী ,আদিৰে শুৱনি হৈ থাকে গাঁৱলীয়া জীৱন। পূৱাৰ বাতৰি চৌদিশে মুখৰিত হয় এজাক চৰাইৰ মধুৰ কাকলিত। ককা , আইতাই আগতে অদূৰত মতা চৰাইৰ মাততে চিনিব পাৰিছিল সেইটো কি চৰাই। আঘোন ,পূহ মাহত নৈৰ পাৰত দৈকলা চৰাইয়ে বালিত পাখি মেলি মেলি ৰ’দ লৈছিল। সিহঁতৰ ক’লা পাখিবোৰত সোণালী ৰ’দ পৰি চিকচিকাই উঠিছিল। শৰতৰ আগলি বতৰা লৈ আহিছিল এজাক বালিমাহী। চাপৰি বিলাকত হালধীয়া হৈ ফুলি থকা সৰিয়হ তলীত অসংখ্য ৰং বিৰঙি চৰাইয়ে ভিৰ কৰিছিলহি। শালী ধানৰ কঁঠীয়া তলীত হাজাৰ হাজাৰ ভাটো চৰাইয়ে ধাননি ঢাকি ধৰিছিল। যেতিয়া ভাটৌৰ জাকটো উৰি গৈছিল যেন এটুকুৰা সেউজীয়া ডাৱৰহে নীলা আকাশত ওপঙি আছে। জেঠৰ নিজম দুপৰীয়া আম গছৰ আঁৰত লুকাই মতা কুলি চৰাইৰ হৃদয়ত দোলা দিয়া কু উ কু উ সুৰৰ মূৰ্চনা , ডাৱৰীয়া গোমা বতৰত দলপোঙা চৰাইৰ কৰুণ বিননি এতিয়া হ্ৰাস পাই আহিছে। হেমন্তৰ অস্তমিত সুৰুযৰ ৰঙা বোল গাত সানি উৰি যোৱা এজাক সন্ধিয়াৰ বগলীৰ নয়নাভিৰাম দৃশ্বাও এতিয়া বিৰল হ’ল।
মানুহে সেউজীয়া বনানি উপয্যুপৰি কাটি বিনষ্ট কৰিছে আমাৰ চৌপাশৰ পৰিবেশ। গছ গছনিৰে ভৰা পাহাৰ বোৰ লুপ্ত হৈ তাত ওখ ওখ অট্টালিকাই স্থান পাইছে। আমাৰ ঘৰ বোৰে আধুনিকতাৰ প্ৰলেপ পোৱাৰ বাবে সেউজীয়া হৈ থকা চোতাল নাইকীয়া হ’ল। ফলত ঘাঁহনিত ঘৰ পতা কীট পতংগ নাইকীয়া হ’ল। চৰাই চিৰিকতি ক্ষন্তেক জিৰাবলৈ গছৰ অভাৱ পৰিলক্ষিত হ’ল। আজিৰ প্ৰজন্মই হয়তো বালি মাহী, ফেঁচুলুকা , হেঁটুলুকা , সখীয়তী , কামচৰাই , শালিকা ,দৰিক , শৰালি , শামুক ভঙা , গঙ্গাচিলনি, টুনী ,মৌপিয়া , কণামুচৰি , শিলকপৌ , ধনেশ, পৰঘুমা , চাকৈ চকোৱা , তেলীয়া সাৰেং আদি অনেক ৰং বিৰঙী চৰাই দেখিবলৈ পোৱা নাই।
আজি এইবোৰ ধূসৰ স্মৃতি হৈ কিতাপৰ পাততহে সীমাবদ্ধ। এই চৰাই বোৰৰ মধুৰ গুঞ্জনতে পৃথিৱীৰ সৌন্দৰ্য নিহিত হৈ থাকে। কিয়নো চৰাইবোৰ হ’ল প্ৰতিটো ঋতুক মালাৰ দৰে গাঁঠি ৰখা এডাল সোণালী সূতা। সেয়ে আমি সময় থাকোঁতেই পৰিবেশৰ ওপৰত গুৰুত্ব দি গছ গছনিৰে সেউজীয়া পৰিবেশ গঢ়ি তুলিবলৈ প্ৰয়াস কৰিব লাগে। য’ত আমি বিচাৰি পাম জীৱনৰ সঞ্জীৱনী সুধাৰ এখন সেউজী় ধৰণী।