চিকাৰ – মুন শৰ্মা

চুটিগল্প
চিকাৰ
মুন শৰ্মা,লখিমপুৰ
আজি এটা আছে মই বিচাৰোঁ তই ল।
:-না বছ, আজি নোৱাৰিম, আজি বেলেগ চুপাৰি আছে মোৰ। আজি খতম কৰি বহু দিনৰ পৰা তাৰ পাছত  পৰি আছে পৰা নাই আজিৰ সুযোগ হেৰাব দিব নোৱাৰিম।
হ’ব ঠিক আছে যা নেকেষ্ট টোক লাগিব দেই বেলেগ লগত নহ’ব কিন্তু মোৰ লগত থাকিব লাগিব।
অকেই বছ…
ৰুমৰ পৰা ওলাই আহি বৃহৎ চোতাল খনত থিয় হৈ বিৰাট প্ৰসাদটো চালে।সি মনত ভাবিলে কোনো দিন উভতি আহিব নোৱাৰিম ইয়ালৈ।ভাবি ভাবি  লক্ষ্য দিশে গতি কৰিলে সি। বহু কথাই মনলৈ আহিছে তাৰ কোনো দিন ভবা নাছিল মানুহ জন এনেকুৱা বুলি। প্ৰথমে কথা বোৰ বিশ্বাস হোৱা নাছিল লাহে লাহে প্ৰমাণ পায় বিশ্বাস কৰিব বাধ্য হ’ল।
তেতিয়া সি আঠ মহীয়া শিশু আছিল, আগতে জানিছিল তাক মাক দেউতাকে এৰি গুচিল গ’ল আৰু এই ভগৱান স্বৰূপ মানুহ জনে তুলি তালি ডাঙৰ কৰিলে। কিন্তু সময়ৰ গতিত সকলো মিছা প্ৰমাণ হ’ল।  সেই মানুহ জনে তাৰ মাক দেউতাকক হত্যা কৰি তাক উঠাই আনিছিল।
এদিন দুদিন কৈ ডাঙৰ হ’ল এটা চুপাৰি পায় এদিন  মাইবং ফৰেষ্ট লৈ আহিল তাতেই গম পাইছিল আচল সত্য। মানুহ জনক চিনি পায় প্ৰতি কামত তাৰেই সহায়। ভিতৰুৱা কথা পৰ্যন্ত গম পায়, কিন্তু গম পোৱা নাছিল এই দুইনম্বৰী কাৰবাৰৰ কথা।
সন্ধ্যা লাগিল আহি পাওঁতে আৰু অলপ সময় মাত্ৰ বাকী চিকাৰ কৰিবলৈ। বন্দুকটো উলিয়াই ললে। কিছু সময়লৈ  হাত দুখন কপিছিল কিন্তু নিজক সংযম কৰি আগুৱাই গৈ সেই বিশেষ ঠাইত ৰৈ  থাকিল মানুহ জন অহালৈ।
দুৱাৰ খন ধপ কৈ খুলি সোমাই আহিল মানুহ জন। সিফালে সি আকৌ সেই ঠাইত আগৰ পৰাই ৰৈ থকাৰ পৰা মাত লগতে বছ, মানুহ জনে ঘূৰি চাই আচৰিত হৈ সুধিলে আৰে ৰাতুল, ইয়াত কি কৰি আছ,  মানুহ টোক যে মাৰিব আহিছিলি  খতম কৰিলি নেকি!
 নাই বছ এতিয়া খতম কৰিম। যা’ আক তেন্তে ইয়াত কি কৰি আছ।
নাযাও চিকাৰ যেতিয়া ইয়াতে আছে চিকাৰী আঁতৰি কিয় যাব!
মানে! মানে- বছ আপুনি আজি মোৰ চিকাৰ হ’ব, হা, হা,হা।
তোৰ ইমান  সাহস মোক ভাবুকি দিবলৈ, না বছ ভাবুকি নহয় আজি আপুনি খতম।
কিয়! বহুত কথা বছ, চমুকৈ  কওঁ তাৰ আগেই আপোনাক সুধিম মোৰ মা দেউতা কি হ’ল মোক এৰি গ’ল নে  আপুনি মাৰিলে।
বছ” ৰ কঁপনি উঠিল আচল কথা সি জানিল নেকি! ভাবি আছে তেওঁ একো কোৱা নাই।
কি হল কোৱা নাই যে মই কওঁ শুনক, আপুনি  মাৰিলে, মোৰেই নহয় আপোনাৰ তাত মাউৰা যিমান ডেকা আছে সকলোৰে মাৰিলে মানৱ শৰীৰৰ অংশ বিক্ৰী কৰিব বাবে এই জঙ্গল মানুহ এটা সময়ত জীয়াই জীয়াই মাৰিছিল। কি কি কৰা নাই আপুনি বছ, মানুহ, জন্ত, গছ গছনি সকলো শেষ কৰি দিলে ইয়াত ধনী হোৱা বাসনাত কিমান নিষ্ঠুৰ আপুনি কিমান পাপী হা বছ। বাহিৰত ঈশ্বৰৰ ৰূপ লৈ ভিতৰত অসুৰৰ দৰে কাম কৰিব আপোনাৰ অকণো লাজ লগা নাছিল নে! আৰু কি বেয়া মানুহ বোৰত হত্যা কৰিব আমাক কৈ কৈ মানুহ হত্যা পাপ আপুনি কিয় কৰিলে বছ। গতিকে মৰি যাওঁক আপুনি এই জগতত আপোনাৰ দৰে মানুহ থাকিলে  কোনো দিন একো ভাল নহয়, আমাৰ ভালৰ বাবে আপোনাক হত্যা কৰিব আপোনাক আজি মই বাধ্য।
কথা খিনি কৈয়েই দুই জাই গুলি তেওঁৰ বুকুত বহুৱাই দিলে ৰাতুলে।