বংশৰত কাতি বিহু পালন – বিশ্বজিৎ বৈশ্য

বংশৰত কাতি বিহু পালন

বিশ্বজিৎ বৈশ্য
বংশৰ (শুৱালকুছি)

“তুলসীৰ তলে তলে মৃগ পহু চৰে,
তাকে দেখি ৰামচন্দ্ৰই শৰধনু মাৰে”।

কাতি বিহুৰ দিনা পুৱাৰ ভাগতে মাটিৰ ভেটিৰ সৈতে তুলসী পুলি ৰোপন কৰা হয়। সন্ধিয়া প্ৰতি ঘৰৰ তুলসী তলত বন্তি প্ৰজ্বলন কৰি শৰাই আগবঢ়াই আৰু গাঁওৰ ৰাইজে নাম গাই মাহ প্ৰসাদ সমূহ নামঘৰলৈ লৈ আহি সকলোৱে একগোট হৈ প্ৰসাদ বিতৰণ কৰে। কাতি বিহুক আদৰিবলৈ সৃষ্টি হোৱা মূল উৎসৱমুখৰ পৰিৱেশেই হল তুলসী পূজা। ইয়াৰ সমান্তৰালভাৱে তুলসী তলৰ বন্তিগছি গোটেই কাতি মাহত প্ৰজ্বলন কৰাৰ লগতে ভঁৰাল ঘৰটো প্ৰজ্বলন কৰা হয়। পৰম্পৰা অনুসৰি সন্ধিয়া প্ৰতিজন অসমীয়াৰ লগতে চহা কৃষক সকলে নিজৰ পথাৰ খনত এগছি বন্তি জ্বলাই, মাহ প্ৰসাদ আগবঢ়াই খেতি দৰা যাতে ভাল হয়, পোক-পতংগই আক্ৰমণ নকৰে তাৰে কামনাৰে সকলোৰে মঙ্গল কামনা সমন্ধিতে সেৱা জনায়। এইদৰে বংশৰত কাতি বিহু পালন কৰা হয়।