খণ্ড – ৫ – এজন পাগল – শৈলেন কুমাৰ

ধাৰাবাহিক গল্প- খণ্ড – ৫

এজন পাগল 

শৈলেন কুমাৰ,মিৰ্জা ( কামৰূপ )

আজিৰ সমাজত সত্যৰ কথা ক’লে মানুহে পাগল অথবা বলিয়া বুলি ভাৱে ৷ কিন্তু কিছুমান পাগলে দেশৰ বাবে জাতিৰ বাবে প্ৰাণ আহুতি দি দেশ ৰক্ষা কৰাও ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰৰে লিপিবদ্ধ হৈ আছে ৷ এফালে অবিনাশৰ কোনো খৱৰ নেপায় অবিনাশৰ মাঁক বলিয়াৰ দ্বৰে হৈ অনাইবনাই ঘূৰি ফুৰিছে ৷ লগতে পৰশুৰাম চৌধুৰীৰ ভেৰণীয়া গুণ্ডাই অবিনাশক বিছাৰি চহৰখনত তোলপাৰ লগাইছে ৷ এদিন ৰাতি অবিনাশে ছদ্মৱেশে আহি মাঁকৰ ওচৰত উপস্থিত হ’ল আৰু সমস্ত ঘটনা সমূলি বিবৰণ কৰিলে ৷ অবিনাশক দেখা পাই মাঁকে জীৱ ঘূৰাই পালে ৷ আৰু নিজৰ লক্ষ্যত অৱতীৰ্ণ হোৱাৰ বাবে মাঁকৰ পৰা আশীৰ্বাদ লৈ বিদায় মাগিলে ৷ চহৰখন বৰ্তমান অবিনাশৰ বাবে নিৰাপদ নহয়,নিৰাপদ স্থান বিচাৰি অবিনাশে অনুসন্ধান আৰম্ভ কৰিলে ৷ অজয় এজন অবিনাশৰ বাল্যকালৰ বন্ধু ৷ বৰ্তমান অজয় চহৰখনত অৱস্থিত চৰকাৰী মানসিক চিকিৎসালয়ৰ কয়দী ৷ অজয়ৰ ভাল ব্যৱহাৰৰ বাবে চিকিৎসালয় খনৰ কিছুমান চোৱাচিতাৰ কাম অজয়ে চাই ৷ অবিনাশে অজয়ৰ পৰা সহায় বিচাৰিলে আৰু অজয়ে সহায় কৰিবলৈ মান্তি হ’ল ৷ অজয়ৰ সহায়ত অবিনাশে পাগলৰ ভেশত চিকিৎসালয় খনত আশ্ৰয় পালে ৷ আৰু আগন্তুক দিনৰ পৰিকল্পনা সি চিকিৎসালয় খনত আৰম্ভ কৰি দিলে ৷ পৰশুৰাম চৌধুৰীৰ গুণ্ডাবোৰৰ নজৰৰ পৰা আঁতৰত থাকি অবিনাশে তাৰ শত্ৰুবোৰৰ ওপৰত নজৰ ৰখা আৰম্ভ কৰি দিলে ৷ যিহেতুকে অজয় চিকিৎসালয়খনৰ তলা খোলামেলা কৰাৰ দায়িত্বত আছিল গতিকে সি ৰাতি বাহিৰত ওলাই আৰু ৰাতিপুৱা হোৱাৰ আগতে সি আকৌ চিকিৎসালয়খনত প্ৰৱেশ কৰে ৷ এনেকৈ কিছুদিন অতিবাহিত হোৱাৰ পাছত অনুসন্ধান কৰি অবিনাশে জ্ঞাত হ’ল যে অবিনাশৰ দেউতাকৰ হাতত পৰশুৰাম চৌধুৰীৰ কেলেংকাৰী বহু তথ্য প্ৰমাণ হিচাপে মজুত কৰি ৰাখিছিল যাৰবাবে বন্দীতা পৰশুৰাম চৌধুৰীৰ গুণ্ডা বাহিনীৰ এগৰাকী সদস্য আছিল আৰু তাইক এক ষড়যন্ত্ৰ ৰচনা কৰি অবিনাশ হতৰ ঘৰৰ লগত ঘনিষ্ঠতা বঢ়াবলৈ নিক্ষেপ কৰা হৈছিল ৷ কিন্তু তাই সত্যব্ৰত বৰুৱাৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ বিফল হৈছিল আৰু এদিন সত্যব্ৰত বৰুৱাৰ তাইৰ ওপৰত সন্দেহ উপজাত চক্ৰান্তৰ জৰিয়তে সত্যব্ৰত বৰুৱাক হত্যা কৰা হৈছিল ৷ আৰু এই সমস্ত কেলেংকাৰী, ঘটনা আৰু পৰিঘটনাৰ মাষ্টাৰমাইণ্ড দেশদ্ৰোহী, জাতিদ্ৰোহী, সমাজবিৰোধী ভ্ৰষ্ট নেতা চক্ৰধৰ চলিহা ৷ আগন্তুক নিৰ্বাচনৰ মুখ্যমন্ত্ৰী পদৰ সাম্ভাৱ্য প্ৰাৰ্থী ৷ চক্ৰধৰ চলিহাৰ চকু মুখ্যমন্ত্ৰীৰ গাদীত আৰু অজস্ৰ ক্ষমতাৰ গৰাকী হোৱাৰ সপোন ৷ ৰাজনীতি আৰু কূটনীতিত প্ৰবল প্ৰতাপী চক্ৰধৰ চলিহাৰ সোহাঁত হ’ল পৰশুৰাম চৌধুৰী ৷ ৰাইজক মিছা সপোন দেখুৱাই, মিছা প্ৰতিশ্ৰুতিৰে ভোট সংগ্ৰহ কৰি ৰজাৰ গাদীত বহি চহৰৰ খনৰ লগতে সমগ্ৰ ৰাজ্য ভ্ৰষ্টাচাৰ, দুৰ্নীতি, নিচাহৰ ৰম্যভূমি কৰি তুলিবলৈ উঠিপৰি লাগিছে ৷ এইফালে ৰাইজ মিছা সপোন,মিছা প্ৰতিশ্ৰুতিৰ মায়াৰ লয়লাসত আৱদ্ধ ৷ অবিনাশৰ সংকল্প এই যুঁজ কেৱল মোৰ ব্যক্তিগত হৈ থকা নাই,এই যুঁজ প্ৰত্যেক সেইজন অবিনাশৰ বাবে যিয়ে এই দেশত শান্তিৰে উশাহনিশাহ লবলৈ পাৰে ৷ নাইনাই মই কেতিয়াও পৰাজিত হব নোৱাৰোঁ । আজি দেশৰ ভৱিষ্যত সংকটত পৰিছে,এই মানৱৰূপী অসুৰবোৰক মই নিশেষ নকৰালৈকে মই মৰিব নোৱাৰোঁ ৷

(আগলৈ)