আকাশ বন্তিৰ পোহৰে উজ্বলি উঠিল মাজুলী

আকাশ বন্তিৰ পোহৰে উজ্বলি উঠিল মাজুলী ; ঘৰে-ঘৰে তুলসী ভেঁটিৰ সন্মুখত প্ৰাৰ্থনা : পৰম্পৰা ৰক্ষা কৰি ভাওনা প্ৰদৰ্শন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  সত্ৰপীঠ তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি মাজুলীত  আৰম্ভ হ’ল শাৰদীয় উৎসৱৰ ৷ মাজুলীত শাৰদীয় উৎসৱ বুলি ক’লে সাধাৰণতে কাতি বিহু , ৰাসোৎসৱ আৰু পালনামৰ কথাই ধৰা হয়। বিশেষকৈ পবিত্ৰ কাতি বিহুৰ দিনটোৰ পৰাই মাজুলীবাসীৰ আবেগ জড়িত হৈ থকা শৰৎ ঋতুৰ প্ৰথমটো উৎসৱ সত্ৰৰ লগতে প্ৰতিঘৰৰ সন্মুখত তুলসীৰ তলত সন্ধ্যা বন্তি প্ৰজ্বলন আৰু প্ৰাৰ্থনাৰে আৰম্ভ হয় ৷ আজি কাতি বিহু উপলক্ষে তুলসীৰ তলত, পদুলিত,  ধাননি পথাৰত, ভঁৰাল ঘৰ , ঢেকী শাল আদিত বন্তি প্ৰজ্বলন কৰি গৃহস্থই প্ৰাৰ্থনা কৰাৰ সমান্তৰালভাবে কেইবাখনো সত্ৰত একৈশ জোৰাৰ পৰা এজোৰ পৰ্যন্ত আকাশ বন্তি প্ৰজ্বলন কৰা পৰম্পৰাই সত্ৰপীঠ মাজুলী আধ্যাত্মিকতাত বিলীন হয় ৷ আজি প্ৰসিদ্ধ গড়মূৰ সত্ৰত তিনিজোৰা আকাশ বন্তি মাংগলিক বাদ্য, হৰিধ্বনিৰ মাজত সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামী, বৰপূজাৰী যতীন বৰঠাকুৰ আৰু পূজাৰী পৰাগ কটকীয়ে বিশেষ ভাবে বাঁহেৰে নিৰ্মাণ কৰা কাৰুকাৰ্য খচিত পিতলৰ পাত্ৰত বন্তি প্ৰজ্বলন কৰি ওপৰলৈ উত্তোলন কৰে ৷ অনুৰূপ ধৰণেৰে দক্ষিণপাট সত্ৰত দুই জোৰা আকাশ বন্তি সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামী সহ বৰপূজাৰীয়ে প্ৰজ্বলন কৰে ৷ সত্ৰ সমূহত এযোৰা আকাশ বন্তিত দুগছিকৈ চাকি থাকে ৷ আজি প্ৰজ্বলন কৰা আকাশ বন্তি সমগ্ৰ কাতি মাহ জুৰি প্ৰজ্বলন কৰিব ৷ অৱশ্যে দক্ষিণপাট সত্ৰৰ আকাশ বাতিত তিনি গছকৈ মাটি চাকি থাকে ৷ মাজুলীৰ অন্যান্য সত্ৰ, অনুষ্ঠানত এযোৰাকৈ আকাশ বন্তি প্ৰজ্বলন কৰি সত্ৰবাসীৰ লগতে শিষ্য-প্ৰশিষ্য সমন্বিতে দেশবাসীৰ মংগল কামনা কৰা হয় ৷ পথাৰত প্ৰতিঘৰৰ লোকে এগছিকৈ বন্তি প্ৰজ্বলন কৰাৰ সমান্তৰালভাৱে ভঁৰাল ঘৰতো বন্তি প্ৰজ্বলন কৰে ৷ ইফালে আজি প্ৰতিঘৰ লোকৰ চোতালৰ নিদিৰ্ষ্ট স্থানৰ তুলসী ভেঁটিৰ সন্মুখত গোৱা সমূহীয়া প্ৰাৰ্থনাই মাজুলী মুখৰ কৰি তোলে ৷ গাঁৱৰ শিশু/ যুৱক-যুৱতী সকলে প্ৰতিঘৰ গৃহস্থৰ ঘৰে ঘৰে গৈ তুলসীৰ তলত প্ৰাৰ্থনা কৰি গৃহস্থক আৰ্শীবাদ দি গৃহস্থই আগবঢ়োৱা প্ৰসাদ আদি গ্ৰহণ কৰে। ঐতিহাসিক আউনীআটী সত্ৰত ৩৭১ বছৰীয়া পৰম্পৰাৰে কাতি বিহু উদযাপন কৰিছে বৈষ্ণৱসকলে ।  সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা এই পৰম্পৰা চলি আহিছে । তাৰ বাবে সত্ৰৰ কীৰ্তন ঘৰৰ নিচেই কাষতে ২১ যোৰা আকাশ বন্তি প্ৰজ্বলন কৰে সত্ৰাধিকাৰ , ডেকা সত্ৰাধিকাৰ , বৰপূজাৰীয়ে ।  যদিও বা কাতি বিহু কঙালি  তথাপিও সত্ৰ সমূহত এই বিহুৰ ধৰ্মীয় আধ্যাত্মিকতা বেছি । কাতি মাহটো  দামোদৰ মাহ, পুণ্যমাহ  আৰু এই কাতি মাহত তুলসী ৰোপন কৰিলে মানৱ জাতীৰ কল্যান সাধন হোৱাৰ লগতে ২১ পুৰুষ উদ্বাৰ হয় । তুলসী দৰ্শন মাত্ৰে পূণ্য হয় , স্পৰ্শ কৰিলে পাপ ক্ষয় হয় আৰু তুলসীৰ তলত সকলো তীৰ্থ পোৱা যায় । এই কথা পদ্ম পুৰানত উল্লেখ আছে । পৰ্যটকৰ মানচিত্ৰত পোৱা আউনীআটী সত্ৰৰ আকাশবন্তি প্ৰজ্বলনেৰে আজি  এক অনন্য পৰিবেশ বিৰাজ কৰে । ইফালে কাতি বিহু উপলক্ষে বহু গাঁৱত পৰম্পৰা ৰক্ষা কৰি ৰাতি নামঘৰত ভাওনা পৰিবেশন কৰে ৷ গড়মূৰৰ নিকটবৰ্ত্তী ১ নং ফুটুকী মিচিং গাঁৱৰ নামঘৰত প্ৰতি বৰ্ষৰ দৰে এইবাৰো কাতি বিহু উপলক্ষে পৰম্পৰা ৰক্ষা কৰি দিনত সমূহীয়া সবাহৰ লগতে গাঁৱৰ শিশু সকলে ‘গান্ধাৰীৰ অভিশাপ’ ভাওনা পৰিবেশন কৰে ৷