বৰিহাটত তিনিদিনীয়াকৈ শ্রীশ্রীলক্ষ্মী পূজাত উলহ মালহ পৰিৱেশ 

বৰিহাটত তিনিদিনীয়াকৈ শ্রীশ্রীলক্ষ্মী পূজাত উলহ মালহ পৰিৱেশ 

চেল্ফী জোনত যুৱক যুৱতীৰ ভীৰ

মিৰ্জা ,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ বৰিহাটত বিগত বৰ্ষকেইটিৰ দৰে এইবেলিও কালিৰপৰা বৰিহাট শ্রীশ্রীলক্ষ্মী পূজাখনিয়ে ১৪২ সংখ্যক শ্রীশ্রীলক্ষ্মী পূজাখনি এক উলহ মালহেৰে তিনিদিনীয়াকৈ পালন কৰে। এই উপলক্ষে কালি প্ৰথম দিনা দিনৰ ১ বজাত প্ৰতিমা পৰিভ্ৰমণ, প্ৰতিমা স্থাপন,২ বজাত নৈবদ্য গ্ৰহণ তথা ভক্তৰ বন্তি প্ৰজ্বলন ও মাৰ আশীষ গ্ৰহণ, দিনৰ ৩ বজাত নিমন্ত্ৰীত অতিথিৰ অভ্যৰ্থনাৰ পিছতে ভোগ বিতৰণ,নিশা ৯ বজাত আৰতিৰ লগতে বিহিত পূজা, ১১ বজাত পূষ্পাঞ্জলি প্ৰদান,নিশা ১২ বজাত যাত্ৰাভিনয় মঞ্চস্থ কৰা হয়। আজি দ্বিতীয় দিনা বিয়লি ৩ বজাৰ পৰা দেৱীৰ আশীষ গ্ৰহণ তথা নিৰ্মালী প্ৰদান কৰা হয়। লগতে নিশা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই পূজাতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ লোকৰ উপৰি বহু যুৱক যুৱতী,দোকান পোহাৰৰ সমাগম ঘটে। বিভিন্ন দোকানীয়ে নিজাববীয়াকৈ ৰজম ৰজক চেল্ফী তোলা ক্ষেত্ৰৰ প্ৰদৰ্শন কৰে। এই লক্ষ্মী পূজাতে বহু সংখ্যক ৰাজনৈতিক নেতা,কৰ্মীয়ে উপস্থিত থাকে। কাইলৈ তৃতীয় দিনা অৰ্থাৎ সামৰণিত কাৰ্যসূচী অনুসৰি সন্ধিয়া ৭ বজাত সমিতিৰ প্ৰীতি বৈঠক অনুষ্ঠিত কৰাৰ লগতে প্ৰসাদ বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। এই উপলক্ষে শ্রীশ্রীলক্ষ্মী পূজা সমিতি,বৰিহাটৰ হৈ ভক্তপ্ৰাণ ৰাইজৰ সহায়- সহযোগিতা উদ্‌যাপন সমিতিয়ে কামনা কৰিছে। এই সমূহ কাৰ্যসূচী চলাই যাবলৈ ইতিমধ্যে দীপক দাসক সভাপতি,গৌতম দাসক কাৰ্যকৰী সভাপতি, ৰনেন্দ্ৰ মোহন দাসক উপ-সভাপতি,ধ্ৰুৱজ্যোতি চন্দ্ৰ দাস আৰু বিপুল মহন্তক যুটীয়া সম্পাদক, অমৰদ্বীপ কলিতা,জয়ন্ত দাস,আৰু মাণিক দাসক সহঃ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে।