ডিব্ৰুগড়ত দ্বীপ শিখা ফাউণ্ডেশ্যনৰ স্তন কৰ্কটৰ সজাগতা সভা আৰু বিনামূলীয়া চিনাক্তকৰণ শিৱিৰৰ আয়োজন ১৯,২০ অক্টোবৰত

ডিব্ৰুগড়ত দ্বীপ শিখা ফাউণ্ডেশ্যনৰ স্তন কৰ্কটৰ সজাগতা সভা আৰু বিনামূলীয়া চিনাক্তকৰণ শিৱিৰৰ আয়োজন ১৯,২০ অক্টোবৰত

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- স্তন কৰ্কটৰ সজাগতা মাহ উপলক্ষে অহা ১৯ আৰু ২০ অক্টোবৰত ডিব্ৰুগড়ৰ শ্ৰুতি শিল্পী সমাজ আৰু বি চি পি এলৰ যৌথ উদ্যোগত আৰু দীপশিখা ফাউণ্ডেচন গুৱাহাটী, প্রাথমিক স্বাস্থ্য কেন্দ্ৰ বৰবৰুৱা, গ্ৰাম্য স্বাস্থ্য প্ৰশিক্ষণ কেন্দ্ৰ চাবুৱা আৰু ডিব্ৰুগড়ৰ গাইন’কলজিকেল চচাইটিৰ সক্রিয় সহযোগত লেপেটকটাৰ ছ্যুকাফা ভৱনত আৰু গ্ৰাম্য স্বাস্থ্য প্ৰশিক্ষণ কেন্দ্ৰ চাবুৱা ডিব্ৰুগড়ত স্তন কৰ্কটৰ এখনি সজাগতা সভাৰ এক বিনামূলীয়া চিনাক্তকৰণ শিৱিৰৰ আয়োজন কৰা হৈছে। অত্যাধুনিক সা-সুবিধাৰে সমৃদ্ধ দীপশিখা ফাউণ্ডেশ্বনৰ মোবাইল ব্ৰেস্ট কেনচাৰ স্ক্ৰীনিং ভানে ৰাইজক এই সেৱা বিনামূলীয়াকৈ প্ৰদান কৰিব। সজাগতা সভাত সমল ব্যক্তিৰূপে ডাঃ ৰীণা আহমেদ আৰু ডিব্ৰুগড়ৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ সমিতিৰ চিকিৎসকসকলৰ লগতে ডাঃ নৱজ্যোতি গগৈ, ডাঃ ইন্দিৰা নেওগ, ড° মৃন্ময়ী বৰুৱাই অংশ গ্রহণ কৰিব। স্তন কৰ্কটৰ বিভিন্ন দিশ সামৰি অনুষ্ঠিত হ’বলগীয়া এই সজাগতা সভাত ৰাইজৰ স্বতঃস্ফূর্ত সঁহাৰি তথা উপস্থিতি বিনম্রতাৰে কামনা কৰি উদ্যোক্তাসকলে। এই শিবিৰ পুৱা ৯ বজাৰপৰা আবেলি ৩ বজালৈ অনুষ্ঠিত কৰা হব।অধিক যোগাযোগৰ বাবে ৭০৮৬৬৭৪৩৬০, ৯৬১৩৪৩৮১৩১ আৰু ৭০০২৯১৬৬৬৭ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উদ্যোক্তা সকলে জনাইছে।