অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- আজি অসম গণ পৰিষদৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস। ডিব্ৰুগড় জিলাৰ ঐতিহাসিক জেৰাই গাঁৱত অনুষ্ঠিত হৈছে অসম গণ পৰিষদৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী । ১৯৮৫ চনৰ ১৪ অক্টোবৰত জন্মলাভ কৰা দলটোৰ এইবাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস চাবুৱাৰ জেৰাই গাঁৱত অনুষ্ঠিত কৰি দলটোৱে ৰাজ্যত আঞ্চলিক শক্তিক শক্তিশালী কৰিবলৈ পৰিকল্পনা আৰম্ভ কৰিছে । প্ৰতিষ্ঠা দিৱস উপলক্ষে দেওবাৰেই জেৰাই গাঁৱত উপস্থিত হৈছিল অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা, কেশৱ মহন্তৰ লগতে সকলো দলৰ কৰ্মী-সদস্যবৃন্দ। প্ৰতিষ্ঠা দিৱসক উদ্দেশ্যি আজি পুৱাৰে পৰা নাম-প্ৰসংগৰে মুখৰিত হৈছে জেৰাই গাঁৱৰ বাকৰি। চাবুৱাবাসীৰ সহযোগত আৰু জেৰাই গাঁৱৰ ৰাইজৰ আতিথ্যত প্ৰভাতী আৰতি আৰু পতাকা উত্তোলনৰ পাছতে কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ হয় ৷ পতাকা উত্তোলন কৰি দলটোৰ বাবে নিজৰ জীৱন ত্যাগ কৰা প্ৰতিগৰাকী শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । আনহাতে, ৰাজ্যত আঞ্চলিকতাবাদক শক্তিশালী কৰিবলৈ সংকল্প ল’বলৈ সকলোকে আহ্বান জনাই অগপৰ নেতৃত্বই । ইয়াৰ পাছতে শ্বহীদ তৰ্পণ, সতীৰ্থ সোঁৱৰণ, সাংস্কৃতিক এনাজৰী কাৰ্যসূচী আৰম্ভ হয় । চাবুৱাবাসী ৰাইজৰ সহযোগত আৰু জেৰাই গাঁওবাসী ৰাইজৰ আতিথ্যত অনুষ্ঠিত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে অগপৰ নেতা-কৰ্মীসকলৰ মাজত । অনুষ্ঠানত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাংসদ ফণীভূষণ চৌধুৰীৰ লগতে দলটোৰ সকলো বিধায়ক, জিলা সমিতিৰ সভাপতি-সম্পাদকসকলৰ লগতে দলটোৰ ভাতৃ সংগঠনসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে । এইখিনিতে উল্লেখ কৰা প্ৰয়োজন, আগন্তুক নিৰ্বাচনক লৈ দলটোক সাজু কৰিছে নেতৃত্বই। তদুপৰি ২০২৬ ৰ বাবে অগপই শক্তি সঞ্চয় কৰা বুলি দলীয় নেতৃত্বই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। শীঘ্ৰে দলটোত সদস্য ভৰ্তি অভিযান আৰম্ভ হব। অনলাইন-অফলাইন দুয়োটা পদ্ধতিৰে দলত সদস্য ভৰ্তি কৰা হব বুলি জনাই দলীয় নেতৃত্বই। উল্লেখযোগ্য যে, অগপৰ প্ৰতিষ্ঠা দিৱসৰ শুভ ক্ষণত দলটোত যোগদান কৰিব আলফা স্বাধীনৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ বৰুৱাই। ইতিমধ্যে জেৰাই গাঁৱত উপস্থিত হৈছে বৰুৱা। ইফালে আলোচনাপন্থী আলফাৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰাৰম্ভিক চুক্তি সম্পাদনৰ পাছত এই গোটটোৰ সদস্য সকলে নিৰ্বাচনী ৰাজনৈতিক ক্ষেত্ৰত প্ৰৱেশ কৰিব নেকি তাকে লৈও শেহতীয়াকৈ ব্যাপক চৰ্চা অব্যাহত আছিল।