গুৱাহাটী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিৰ বৃহৎ বিজয়

গুৱাহাটী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিৰ বৃহৎ বিজয়

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বৃহৎ বিজয় লাভ কৰিবলৈ সক্ষম হয়। বিদ্যাথী পৰিষদে এই নিৰ্বাচনত সভাপতি, সাধাৰণ সম্পাদক সহ মুঠ সাতটি কৈ পদত জয়ী হ’বলৈ সক্ষম হয়। সভাপতি পদত সুমিত দাস জয়ী হোৱাৰ বিপৰীতে কংকন নাথ সাধাৰণ সম্পাদক পদত জয়ী হয়। ইয়াৰ ওপৰিও আলোচনী সম্পাদন তৃষ্ণাশ্ৰী বৰ্মণ, সাংস্কৃতিক সম্পাদক পদত মেঘাৰাণি হাজং , গুৰু ক্ৰিয়া সম্পাদন ধৰ্মেন্দ্ৰ শৰ্মা , ছাত্ৰী জিৰণি কোঠাৰ সম্পাদক মৰমী বড়ো, ছাত্ৰ জিৰণি কোঠাত ৰাজ দাস বিপুল ভোটত জয়ী হয়। উল্লেখযোগ্য এই বিজয়ৰ অন্তত বিদ্যাৰ্থী পৰিষদৰ গুৱাহাটী মহাবিদ্যালয়ৰ কাৰ্যকৰ্তা সকলে বিজয়ী প্ৰাৰ্থী সকলক লৈ এক বিজয় ৰেলী উলিয়াই য’ত মহাবিদ্যালয় খনৰ প্ৰায় তিনি শতাধিক ছাত্ৰ ছাত্ৰী আৰু বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা সকলে অংশগ্ৰহণ কৰে।