ভাৰতীয় পদাৰ্থ বিজ্ঞানী মেঘনাদ সাহা – বন্দিতা শৰ্মা কন্দলি

ভাৰতীয় পদাৰ্থ বিজ্ঞানী মেঘনাদ সাহা

বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও

১৮৯৩ চনৰ ৬ অক্টোবৰত ঢাকা চহৰত জন্মগ্ৰহন কৰা মেঘনাদ সাহা আছিল এজন জ্যোতি পদাৰ্থ বিজ্ঞানী। মেঘনাদ সাহাৰ দেউতাক আছিল জগন্নাথ সাহা আৰু মাক আছিল ভুৱনেশ্বৰী দেৱী। অতি দৰিদ্ৰ পৰিয়ালৰ মেঘনাদে তেওঁৰ চুবুৰীয়া অনন্ত কুমাৰ দাসৰ তত্বাবধানত ১৯০৫ চনত বৃত্তি লাভ কৰি মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ ঢাকা কলেজৰ পৰা বিজ্ঞান শাখাত ইণ্টাৰমিডিয়েট পৰীক্ষা পাছ কৰি কলিকতাৰ প্ৰেছিডেন্সী কলেজত গণিত বিষয়ত অনাৰ্চ সহ স্নাতক ডিগ্ৰী লাভ কৰে।

মেঘনাদ সাহাৰ প্ৰথমটো বৈজ্ঞানিক প্ৰবন্ধ প্ৰকাশ পাই ব্ৰিটেইনৰ বিখ্যাত ফিলʼছফিকেল আলোচনীত ১৯১৭ চনত। ১৯১৮ চনত বিদ্যুৎ চুম্বকীয় তত্ত্বৰ বিষয়ে কৰা কামৰ বাবে কলিকতা বিশ্ববিদ্যালয়ে ডি এচ চি উপাধি প্ৰদান কৰে।১৯২০ চনত ফিলʼছফিকেল আলোচনীত প্ৰকাশ পাই তেওঁৰ তাপীয় আয়নীকৰণ তত্ত্ব। এই সূত্ৰৰ সহায়তে নক্ষত্ৰ সৃষ্টিৰ নানানটা উপাদানৰ আয়নীকৰণ অৱস্থাৰ বতৰা লোৱাতো সম্ভৱ হৈছিল।

সৌৰ ৰশ্মিৰ ওজন আৰু চাপ জুখিবৰ বাবে সাহাই এক বিশেষ ধৰণৰ আহিলা ‘চাইক্কʼট্ৰন’ উদ্ভাৱন কৰি উলিয়াইছিল। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে তেওঁ কেইবাখনো বিজ্ঞান অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ ভিতৰত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগ আৰু কলিকতাৰ নিউক্লিয়াৰ পদাৰ্থ বিজ্ঞান বিভাগ অন্যতম। বিজ্ঞান আৰু সংস্কৃতি নামৰ প্ৰত্ৰিকাখন তেওঁৱেই প্ৰথম সম্পাদনা কৰি প্ৰকাশ কৰিছিল।সাহাৰ প্ৰেৰণাতে ১৯৩০ চনত ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ১৯৩৪ চনত স্থাপিত হোৱা ভাৰতীয় পদাৰ্থ বিজ্ঞান সমাজ আৰু ১৯৩৫ চনত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান গঢ় লৈ উঠিছিল।১৯৪৩ চনত কলিকতাৰ সাহা নিউক্লিয়াৰ পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠান এইজনা বিজ্ঞানীৰ মহৎ অৱদান। বিজ্ঞান ভিত্তিক কিছু কথা উত্থাপন কৰাৰ উপযুক্ত স্থান সংসদৰ মজিয়া বুলি ভাবি তেওঁ ৰাজনীতিলৈ আহে আৰু ১৯৫২ চনত লোকসভাৰ সাংসদ নিৰ্বাচিত হয়।১৯৫৬ চনৰ ১৬ ফেব্ৰুৱাৰীত এইজনা মহান বিজ্ঞানীয়ে ইহলীলা সম্বৰণ কৰে।