ডিব্ৰুগড়ত বাৰভূঞা বংশোদ্ভৱ ভেটোৱা বংশৰ বংশাৱলী গ্ৰন্থ উন্মোচন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বুৰঞ্জীপ্ৰসিদ্ধ বাৰভূঞা বংশোদ্ভৱ ‘ভেটোৱা বংশ’ৰ বংশাৱলী গ্ৰন্থ ‘ইতিহাস প্ৰসিদ্ধ ঢেকীয়ালৰ ভেটোৱা বংশৰ বংশাৱলী’ ৩-১০-২৪ তাৰিখে ডিব্ৰুগড়ত উন্মোচন কৰে প্ৰথিতযশা সাহিত্যিক, মিতভাষ স্ৰষ্টা, সাহিত্য একাদেমি ফেল’ সন্মানপ্ৰাপক ড॰ নগেন শইকীয়াই৷ গৱেষণাধৰ্মী এই গ্ৰন্থখনিৰ লেখক হৈছে অৰিন্দম শইকীয়া৷ এই উপলক্ষে ড॰নগেন শইকীয়াৰ বাসগৃহ ‘আশ্ৰয়’ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ১৬ টা অধ্যায় সম্বলিত তথ্যসমৃদ্ধ গ্ৰন্থখনি উন্মোচন কৰি সাহিত্যিকগৰাকীয়ে কয় যে বংশাৱলীসমূহে একোখন ৰাজ্যৰ বিভিন্ন জনগোটৰ সম্যক পৰিচয় দাঙি ধৰে৷ অসমৰ উত্তৰ লক্ষীমপুৰৰ পৰা পশ্চিমলৈকে আৰু উজনি অসমৰ গোলাঘাটৰ পৰা পশ্চিমলৈকে বিস্তীৰ্ণ ঠাইত সিঁচৰতি হৈ থকা এটা বংশ হ’ল ‘ভেটোৱা বংশ’৷ গোলাঘাটৰ মৰঙিত আহোম স্বৰ্গদেউৰ এগৰাকী বিষয়া আছিল৷ গোলাঘাটৰ গুৰ যোগমীয়া মৌজাৰ গুৰ আৰু টেকীয়াল মৌজাৰ চাউল মৰঙিৰ ৰাজবিষয়াক যিসকলে কলিয়াবৰৰ সেনা চাউনিলৈ পঠাবৰ বাবে মৰঙিৰ বিষয়াক ভেটাবলৈ লাগিছিল৷ কেৱল সেয়ে নহয় কোনো লোকে মৰঙিৰ বিষয়াক লগ পাব খুজিলেও ভেটোৱাৰ দায়িত্বত থকা লোকে ভেটাবলৈ লাগিছিল৷ এনেকৈ ভেটোৱাৰ দায়িত্ব লোৱা সকলৰ বংশলতিকাকে ভেটোৱা বংশ বুলি কোৱা হয়৷ অৰিন্দম শইকীয়াৰ গ্ৰন্থখনিত উল্লিখিত এই বংশৰ লোক সকলৰ আদিপুৰুষ কৃষ্ণাইৰ দুজন ভাই আছিল ভূঞা বংশৰ৷ ডাঙৰ গৰাকীৰ পৰা বাঢ়ি অহা ঠালটো বৰ বাৰভূঞা আৰু সৰু গৰাকীৰ পৰা বাঢ়ি অহা ঠালটি সৰু বাৰভূঞা নামেৰে প্ৰসিদ্ধ হয়৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৰু বাৰভূঞা ঠালৰ আছিল৷ গৱেষণাধৰ্মী এই গ্ৰন্থখনিয়ে ভেটোৱা বংশক জীয়াই ৰখাৰ উপৰিও অসমীয়া জাতিৰ এক ক্ষুদ্ৰ অংশক প্ৰতিনিধিত্ব কৰিব বুলি আশা কৰি গ্ৰন্থকাৰ অৰিন্দম শইকীয়াৰ শলাগ লয়৷ জোন শইকীয়াই আঁতধৰা অনুষ্ঠানত গ্ৰন্থকাৰে নিজৰ অনুভৱ ব্যক্ত কৰি এয়া প্ৰাথমিক পৰ্যায়ৰ গৱেষণাহে বুলি উল্লেখ কৰি পৰৱৰ্তী সময়ত পূৰ্ণ পৰ্যায়ৰ ৰূপত গ্ৰন্থখনি প্ৰকাশ কৰাৰ লগতে বংশটোৰ সকলোকে একত্ৰ কৰাৰ প্ৰচেষ্টাও অব্যাহত ৰাখিব বুলি উল্লেখ কৰে৷ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড॰ কন্দৰ্প কুমাৰ ডেকা, বংশটোৰ প্ৰথমগৰাকী চিকিৎসক তথা গ্ৰন্থখনিৰ প্ৰকাশক আৰু প্ৰকাশিকা ক্ৰমে¸ ডাঃ প্ৰফুল্ল শইকীয়া, বিনু শইকীয়াৰ লগতে সাৰস্বত ন্যাসৰ সম্পাদক বীৰেণ বৰুৱা, প্ৰচাৰ সচিব ৰতন হাজৰিকায়ো শুভেচ্চামূলক বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত ড॰ নগেন শইকীয়াৰ সহধৰ্মিনী লাৱণ্য শইকীয়াৰ লগতে পৰিয়ালবৰ্গ আৰু ভেটোৱা বংশৰ বিশিষ্ট ব্যক্তি গহপুৰৰ ভদ্ৰেশ্বৰ শইকীয়া লক্ষীমপুৰৰ ডাঃ পাপৰি শইকীয়া, নাৰায়নপুৰৰ তিলেশ্বৰ হাজৰিকা, গোলাঘাট বেতিয়নীৰ দিব্যজ্যোতি শইকীয়া, ডিব্ৰুগড়ৰ শিক্ষাবিদ প্ৰকাশ গগৈৰ লগতে বিভিন্ন স্থানৰ কুৰিৰো অধিক বংশটোৰ বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে৷