বিয়ালৈ ৪ দিন থাকোতে ৰহস্যজনকভাৱে মৃত্যুক সাবটি ল’লে ধনমণিয়ে

বিয়ালৈ ৪ দিন থাকোতে ৰহস্যজনকভাৱে মৃত্যুক সাবটি ল’লে ধনমণিয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  এক মৰ্মান্তিক ঘটনাই জোকাৰিছে মঙলদৈৰ লগতে সমগ্ৰ ৰাজ্য। সোমবাৰে ধনমণিৰ বিয়া ৷ ঘৰত উখল-মাখল পৰিবেশ, বিবাহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ ৷ সাজু বিবাহ ভৱন, ১২ বছৰীয়া প্ৰেমক স্বীকৃতি দিবলৈ সাজু হৈছিল ধনমণি ৷ কিন্তু বিয়ালৈ মাজত মাত্ৰ চাৰিদিন বাকী থকা সময়তে ৰহস্যজনকভাৱে মৃত্যুক সাবটি ল’লে ধনমণি ভট্টাচাৰ্য নামৰ মঙলদৈৰ যুৱকজনে। ধনমণি গুৱাহাটীলৈ গৈছিল নিজৰ বিয়াৰ বাবে আত্মীয়ক নিমন্ত্ৰণ দিবলৈ । বিয়াৰ নিমন্ত্ৰণ দি বিয়লিলৈ ঘৰত উপস্থিত হোৱাৰ কথা আছিল ধনমণিৰ ৷ কিন্তু ধনমণি ঘৰ আহি নাপালেহি ৷  কামাখ্যা ৰে‘লৱে ষ্টেচনৰ সমীপত উদ্ধাৰ ধনমণিৰ মৃতদেহ । অহা সোমবাৰে হ’বলগীয়া আছিল ধনমণিৰ বিয়া। ইতিমধ্যে বিয়াৰ সকলো প্ৰস্তুতি সম্পন্ন হৈছে। পেণ্ডেলৰ কামো আৰম্ভ হৈছে। বিয়াৰ বজাৰো সকলো হৈছে। বিয়াৰ বাবে ঘৰখন উখল-মাখল। কিন্তু তাৰ মাজতে আত্মীয়ক বিয়াৰ নিমন্ত্ৰণ দিবলৈ অহা ধনমণিৰ মৃতদেহ পৰি ৰ’ল ৰে’ল লাইনত। ঘটনাক লৈ ৰহস্য। একাংশৰ মতে, এয়া চৰম সিদ্ধান্ত, কিন্তু পৰিয়ালৰ মতে কোনো দুৰ্বৃত্তই ধনমণিক হত্যা কৰি চৰম সিদ্ধান্তৰ ৰূপ দিছে।ইফালে, এই মৰ্মান্তিক খবৰ লাভ কৰাৰ পিছতে এতিয়া শোকত ম্ৰিয়মান হৈ পৰিছে হ’বলগীয়া কইনাৰ ঘৰখনো।ধনমণিৰ মৃত্যুৰ খবৰ সহজভাৱে ল’ব পৰা তেওঁৰ কইনাই ৷সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৰখা হৈছে ধনমণিৰ মৃতদেহ ৷