মহালয়াৰ পৰিৱেশ উচ্ছৃংখল কিয় ?
শতাব্দী শৰ্মা
আমোলাপট্ৰী, নগাঁও
জনা – বুজা হোৱাৰ পৰা মহালয়া বুলি সোনকালে উঠি এপাক ফুৰিবলৈ ওলাই যোৱা হয়। তেতিয়া মহালয়াত শান্ত – সমাহিত পৰিৱেশ আছিল। মা দুৰ্গাৰ আগমণত যেন সমগ্ৰ পৃথিৱী পবিত্ৰ হৈ পৰিছে , তেনে অনুভৱ হৈছিল। কিন্তু বৰ্তমান আগৰ পৰিৱেশ নাই। আজিকালি বাইক/ গাড়ী আদিৰ চলাচলত আগৰ মহালয়াৰ সুস্থ পৰিৱেশ নাই। তিনিআলি/ চাৰিআলিত যুৱকৰ আড্ডা। ৰাস্তা বন্দী কৰি ৰভা দি মহালয়াৰ বিশেষ ফাংশ্যন পাতে। বহু ঠাইত উচ্চস্বৰত মাইক লগাই হুলস্থুল কৰাৰ দৃশ্যও পৰিলক্ষিত হয়। এনে পৰিৱেশত আই দুৰ্গাৰ মন্ত্ৰোচাৰণ ধ্বনি শুনা সম্ভৱ নহয়।আগতে ৰাতিপুৱাই ঘৰত ৰেডিঅ’টো লগাই দিয়া হয় , মহালয়া বুলি দেৱীৰ শ্লোক নতুবা নাম দিয়ে। আৰু ওচৰৰ নামঘৰ/ মন্দিৰৰ পৰা ভাঁহি আহে এনে শ্লোকৰ ধ্বনি। কিন্তু বৰ্তমান বাইকৰ শব্দত বেলেগ একো শুনা পোৱা নাযায় । ৰাতিপুৱা ৰাস্তাত খোজকাঢ়ি যাবলৈ সাধ্য নাই। যুৱপ্ৰজন্মৰ তথাকথিত “বাইক ষ্টান্ট” ৰ অতপালি আৰু গাড়ীৰ হৰ্ণৰ কাৰণে ৰাস্তাত কোনো মানুহে শান্তিৰে খোজকাঢ়ি যাব নোৱাৰে। মহালয়াৰ পৰিৱেশ উচ্ছৃংখল হোৱাৰ কথাটোৱে ব্যাপক প্ৰভাৱ পেলাইছে মানুহৰ মন মগজুত । বহুত মানুহ আজিকালি আগৰ নিচিনাকৈ খোজকাঢ়িবলৈ ওলাই নাহে।ঘৰে ঘৰে হৃদৰোগী আছে। তেওঁলোকে এই শব্দবোৰ সহ্য কৰাটো সম্ভৱ হয় জানো ? মহালয়াৰ দিনা আগতে থকা পবিত্ৰতাখিনি বৰ্তমান লোপ পোৱা যেন অনুভৱ হৈছে। তদুপৰি মহালয়া বুলি ক’লে , যিটো শান্তিৰ বাতাৱৰণৰ প্ৰয়োজন , সেইটো বৰ্তমান নাই। ইমান ৰাতিপুৱাই বাহনৰ ধোঁৱা, হৰ্ণৰ শব্দ শুনি ভালো নালাগে। দিনে দিনে মহালয়াৰ নামত অপ্ৰীতিকৰ পৰিস্থিতি ঘটা দেখা পোৱা গৈছে। উৎসৱ বুলিলে উতনুৱা হৈ নিজৰ পৰিধি পাহৰি যোৱাটো কেনে যুক্তিসংগত !!