প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ৭৪সংখ্যক জন্ম দিৱস উপলক্ষে ডিব্ৰুগড়ত বিজেপিৰ চাহ জনগোষ্ঠীৰ কুইজ প্ৰতিযোগিতা

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ৭৪সংখ্যক জন্ম দিৱস উপলক্ষে ডিব্ৰুগড়ত বিজেপিৰ চাহ জনগোষ্ঠীৰ কুইজ প্ৰতিযোগিতা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত আজি (১/১০/২০২৪) ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলা চাহ জনগোষ্ঠী মৰ্চাৰ উদ্যোগত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ৭৪সংখ্যক জন্ম দিৱস উপলক্ষে সেৱা পষেক আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে স্থানীয় লক্ষ্মীনাথ বেজবৰুৱা ভৱনত । ইয়াত 8 খন মহাবিদ্যালয়ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কুইজ প্ৰতিযোগিতাৰ ১ম স্হান দখল কৰে লাহোৱাল মহাবিদ্যালয়, দ্বিতীয় স্থান কৰ্মাচ কলেজ, আৰু তৃতীয় স্থান দখল মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে।