গছ পুলি ৰোপণৰ সেউজ কাৰ্যসূচী

গছ পুলি ৰোপণৰ সেউজ কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা-  এ মা প্ৰডাকচনৰ উদ্যোগত আৰু নেবকছৰ প্ৰচেষ্টাত ৩০ ছেপ্টেম্বৰত গুৱাহাটীৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান শুশ্ৰূষা নিউৰো ৰেহাবত গছ পুলি ৰোপণৰ কাৰ্যসূচী সমাপন হয়। গগণাষ্টম গগৈ আৰু মনোজ কুমাৰৰ আন্তৰিক প্ৰচেষ্টাত ৰূপায়ণ হোৱা এই গছ পুলি কাৰ্যসূচী সমাপন কৰে চিকিৎসক তথা শুশ্ৰূষা নিউৰো ৰিহাবৰ তত্ত্বাৱধায়ক ডাঃ আব্দুল চাত্তাৰে। গছ পুলি ৰোপণ কৰি ডাঃ চাত্তাৰে ভাষণ প্ৰসংগত কয় — নেবকছ আৰু এম মা প্ৰডাকচনৰ এই কাৰ্য সঁচাকৈয়ে শলাগণীয়। বিভিন্ন সময়ত অসমৰ বিভিন্ন স্থানত এই মহান অনুষ্ঠান দুটাই এনে গঠনমূলক কাৰ্যসূচী ৰপায়ণ কৰি পৃথিৱী সেউজ কৰাৰ প্ৰয়াস কৰি আহিছে, যিয়ে সমাজত ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। নেবকছৰ সাধাৰণ সম্পাদক বৰষা কাশ্যপে পৰৱৰ্তী সময়ত এই কাৰ্যসূচী সুদূৰ কলকাতাত ৰূপায়ণ কৰিব বুলি উল্লেখ কৰে। অনুষ্ঠানৰ শেষত ডাঃ আব্দুল চাত্তাৰে এটি টোকাৰী গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আমোদ প্ৰদান কৰে। এম মা প্ৰডাকচনৰ মনোজ কুমাৰে কৌতুক অনুষ্ঠান আগবঢ়াই সকলোকে মনোৰঞ্জন দিয়ে।