আন্তৰ্জাতিক সাংকেতিক ভাষা সপ্তাহৰ চতুৰ্থ দিন উদযাপন

আন্তৰ্জাতিক সাংকেতিক ভাষা সপ্তাহৰ চতুৰ্থ দিন উদযাপন
গুৱাহাটী আৰু তেজপুৰত ভাৰতীয় সাংকেতিক ভাষা প্ৰচাৰ অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম বধিৰ সন্থাৰ উদ্যোগত আন্তৰ্জাতিক সাংকেতিক ভাষা সপ্তাহৰ চতুৰ্থ দিন উদযাপন কৰা হৈছে। এই উপলক্ষে গুৱাহাটী আৰু তেজপুৰত ভাৰতীয় সাংকেতিক ভাষা সম্পৰ্কে জনসচেতনতা/সজাগতা প্ৰচাৰ অভিযান চলোৱা হৈছে।গুৱাহাটীত, ৰাতিপুৱা ভাগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত এক জনসচেতনতা প্ৰচাৰ অভিযান অনুষ্ঠিত হয়। এই সভাত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সীমান্ত শঙ্কৰ, চ্যানচেলৰ আচাৰ্য অধ্যাপক জয়ন্ত ডেকা, মাননীয় সমূহ ডীন, শ্ৰীমন্ত শংকৰ একাডেমী ছছাইটিৰ মাননীয় সভাপতি যশোদাৰঞ্জন দাস আৰু বহুকেইজন অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। বক্তাসকলে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে আৰু ভাৰতীয় চিন ভাষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বত আলোকপাত কৰে। একেদৰেই আজি দুপৰীয়া ভাগত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়, মালিগাঁৱতো একেই ধৰণৰ জনসচেতনতা/সজাগতামূলক অভিযান চলোৱা হয়। এই সভাত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সহকাৰী ব্যক্তিগত বিষয়া (এম পি পি/আই.টি) শ্ৰীমতী প্ৰতিভা সিংহা, মুখ্য ষ্টাফ আৰু কল্যাণ পৰিদৰ্শক শ্ৰী দিগন্ত কুমাৰ দত্ত আৰু অন্যান্য ৫০ জনতকৈয়ো অধিক উত্তৰ পূব সীমান্ত ৰে’লৱেৰ প্ৰতিনিধিয়ে বিভিন্ন বিভাগৰ পৰা অংশগ্ৰহণ কৰে।তেজপুৰতো অসম বধিৰ সন্থাৰ সাধাৰণ সম্পাদক শ্ৰী তপন শৰ্মাৰ নেতৃত্বত ভাৰতীয় সাংকেতিক ভাষা সম্পৰ্কে জনসচেতনতা অভিযান অনুষ্ঠিত হয়। এই সভাত শ্ৰী মুকুল দত্তকে ধৰি আন কেইবাজনো বুদ্ধিজীৱীয়ে অংশগ্ৰহণ কৰে। সভাত নগাঁও বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শিৱ ৰঞ্জন মহন্ত, শোণিতপুৰ বধিৰ সন্থাৰ সভাপতি বীৰেন বৰা, সাধাৰণ সম্পাদক বিনোদ তালুকদাৰ, উত্তৰ অসম বধিৰ দিব্যাংগ সন্থাৰ সাধাৰণ সম্পাদক মৃদুল কুমাৰ বৰা, বিশিষ্ট সমাজ কৰ্মী জগন্নাথ বৰা, সুৰেন্দ্ৰনগৰ শইকীয়া, আলিউৰ ৰহমান আদি আন কিছুমান বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।এই জনসচেতনতা/সজাগতামূলক অভিযানৰ মূল লক্ষ্য আছিল ভাৰতীয় সাংকেতিক ভাষাৰ প্ৰচাৰ আৰু জনসাধাৰণৰ মাজত ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা বৃদ্ধি কৰা।