শৰতৰ মনোমোহা পৰিবেশত  মাঁ  দূৰ্গাৰ আগমন – অনামিকা (সংগীতা)কলিতা

শৰতৰ মনোমোহা পৰিবেশত  মাঁ  দূৰ্গাৰ আগমন

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

৬টি ঋতুৰ অন্যতম শৰৎ।   প্ৰকৃতিৰ অনবদ্য ৰূপত ধৰালৈ সিঁচি দিয়ে দুহাত ভৰাই ।শুকুলা মেঘৰ মনোৰম জোনাক নিশা মন মতলীয়া কৰে । দূবৰিয়ে মুকুতা পিন্ধে । টোপ টোপ নিয়ঁৰ সৰে শেৱালি সুবাসত । দূবৰিৰ পদূলি গছকি শৰৎ সোমায় । শৰৎক আদৰণি জনাবই লাগিব। শৰৎ আহিলে আকাশৰ বুকুত জোনাকৰ ধেমালি হয় ।শৰতৰ শেৱালি সুবাসত দূৰ্গা দেৱীৰ ধৰা লৈ আগমন হয়।

 যা দেবী সর্বভূতেষু শক্তি ৰূপেন সংস্থিতা।
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নম:

নৱৰাত্ৰী অৰ্থাৎ দেৱী দুৰ্গাৰ নটা ৰূপ হ’ল-শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘন্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী, সিদ্ধিদাত্ৰী।

প্ৰভু শ্ৰীৰাম চন্দ্ৰই ৰাৱণক বধ কৰাৰ নিমিত্তে দেৱী দূৰ্গাক শাৰদীয় শৰত ঋতুত পূজা ভাগ আয়োজন কৰিছিল বুলি ধৰ্ম গ্ৰন্থত লিখা আছে ।সেই নিয়মমতে শৰত কালতে অনুষ্ঠিত হয় । শাৰদীয় শৰতৰ আৰু শেৱালি ফুল এক নিবিড় সম্পৰ্ক আছে।সেই  কাৰণে  শেৱালি ফুল দুৰ্গা পূজাত ব্যৱহাৰ হয়।মোৰ কবিতা এটি  দেৱী মাঁ চৰণত আগবঢ়ালোঁ

মাঁ দূৰ্গা ধৰালৈ
তোমাৰ আগমন।
আভূষণ বস্ত্ৰৰে সু -সজ্জিত হৈ
পূজাৰ বেদিত পৰিপূৰ্ণ হোৱা।
চাকি -বন্তি ধূপ -ধূণাৰ
উৰুলি শঙ্খ ধ্বনি মাজত
ভক্ত সকলে তোমাৰ আশীৰ্বাদ বিচাৰি আহে
মনৰ অভিলাষ পূৰণৰ আশাত।
দুৰ্গতিনাশিনী তুমি দশ ভূজা
অপায়-অমঙ্গল নাশ কৰা মাঁ।

শৰৎ অহাৰ উলাহতে প্ৰাণ পাই উঠে মৃত শিল্পী, হাতত তুলি লয় তুলিকা প্ৰাণ পাই উঠে মৃন্ময়া প্ৰতিমা । কোমল শেৱালি জোনাক নিশা শিল্পীৰ হাতৰ পৰশত দূৰ্গা , লক্ষ্মী , মাঁ কালী অনেক দেৱ -দেৱীৰ প্ৰতিমাৰ সৃষ্টি  । শিল্পীৰ হাতত অহৰহ চলি থাকে তুলিকা । ভাগৰৰ কথা নাই  দুখ নাই ।

পূজা মানেই উৎসৱৰ মেলা—-ফুলজাৰী , আতচবাজী , পোছাকৰ পয়োভৰ । পুতলা , পিষ্টল ইত্যাদি  । হাঁহি-ধেমালি শিশুসকলৰ, জিলাপী আৰু বুন্দীয়াৰ লাড়ু  চৌপাশে কেৱল মিঠা মিঠা হাঁহি আনন্দৰ মেলা ।

শৰৎ যিদৰে আহে এদিন গুচিও যায় । শৰতৰ সময়ত চেওঁ তুলি নাচি থকা কঁহুৱা বোৰ চাবলৈ  আমি নদীৰ ঘাটলৈ ফুৰিব যোৱা মনত পৰে। দূৰ্গা পূজাৰ বতৰা আমি কি পিন্ধিম কেনেকৈ পূজা চাবলৈ যাম,সেইবোৰ আলোচনা কৰি আমাৰ চোতালত উমলিছিলো ।  শৈশৱৰ আহ:কি যে সুন্দৰ দিন আছিল,সেইবোৰ এক নষ্টালজিয়া।পদধ্বনি জগাই প্ৰকৃতিক “শৰৎ ” ঋতুৱে  এক আনন্দৰ বতৰা পূজাৰ মনোৰম প্ৰাকৃতিক পৰিৱেশ আমাৰ এক হৃদয়ৰ আবেগ জড়িত হৈ থাকে।