জিলা মানসিক স্বাস্থ্য কাৰ্যক্ৰম  দৰঙৰ উদ্যোগত চপাইৰ নিৰিবিলি বৃদ্ধ আৱাসত  বিশ্ব এলজাইমাৰ দিৱস পালন 

জিলা মানসিক স্বাস্থ্য কাৰ্যক্ৰম  দৰঙৰ উদ্যোগত চপাইৰ নিৰিবিলি বৃদ্ধ আৱাসত  বিশ্ব এলজাইমাৰ দিৱস পালন 

মঙলদৈ , ৰঙিলী বাৰ্ত্তাসেৱা-  জিলা মানসিক স্বাস্থ্য অভিযান ,জিলা স্বাস্থ্য সমিতি দৰঙৰ উদ্যোগত  আৰু মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ,মানসিক ৰোগ বিভাগৰ দ্বাৰা মঙলদৈ চপাইস্থিত নিৰিবিলি বৃদ্ধ আৱাসত কালি বিশ্ব এলজাইমাৰ  দিৱস পালন কৰা হয় । দিৱসৰ লগত সংগতি ৰাখি সজাগতা সভা অনুষ্ঠিত কৰা হয় ।মনোবিজ্ঞানী পুষ্প কলিতাই আঁতধৰা সভাত  প্ৰথমে দৰঙৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক  ডা:ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই ভাষন প্ৰসংগত কয় যে এলজাইমাৰ ৰোগে মানুহ এজনক কেনেকৈ বৃদ্ধ অৱস্থাত সকলো পাহৰাই পেলাই ,আনকি তেওঁ কি খাইছে ,কি পিন্ধিছে ,তেওঁৰ ঘৰ কত আছিল ,আনকি লৰা-ছোৱালীৰ নামো পাহৰি যায় , গতিকে এনে ক্ষেত্ৰত ৰোগীৰ পৰিয়ালে ৰোগীজনক চোৱা চিতা কৰাত গুৰুত্ব দিব লাগে ,তেওঁ কত গৈছে ,সময় মতে খাইছেনে নাই ইত্যাদি । বৰ্তমান এই ৰোগত ভুগি মানুহৰ মৃত্যুও হব পাৰে । ইয়াৰ পিছতে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক দৰংৰ বিদ্যালয় সমুহৰ দায়িত্বত থকা জেষ্ঠ চিকিৎসক ও স্বাস্থ্য বিষয়া ডাঃ ৰমেশ চন্দ্ৰ গোস্বামীয়ে বৰ্তমান সময়ত  বৃদ্ধ অৱস্থাত হোৱা এলজাইমাৰৰ বিষয়ে আলোচনা আগবঢ়াই  লগতে বৃদ্ধ অৱস্থাত মনোবল তথা মানসিক স্বাস্থ্য অটুত ৰাখি ভৱিষ্যত দিনত কেনেকৈ সুস্থ হৈ  আগবাঢ়ি যাব পাৰে তাক  ভাষনৰ জৰিয়তে বুজাই দিয়ে ।স্মৃতিভ্রংশ ৰোগত দৰবৰ দ্বাৰা আৰোগ্য কৰিব পৰা নাযায়।কিন্তু আবেগৰ বিকাৰ,টোপনি অস্বাভাৱিক ইত্যাদি লক্ষণ বোৰ দৰবৰ সহায়ত কিছু পৰিমাণে কম কৰিব পৰা যায়।এই ৰোগৰ পৰিচৰ্যাৰ প্ৰধান দায়িত্ব পৰিয়ালৰ।সহানুভূতিৰে ৰোগীৰ দৈনন্দিন কাজ কৰ্মত সহায় কৰিব লাগিব । বিশেষকৈ বৃদ্ধ সকলৰ মানসিক দিশ তথা তেওঁলোকৰ দৈনন্দিন কাম কাজৰ যাতে খেলি মেলি নহয় ,তেওঁলোকে কিবা এটা পাহৰি গলে মনত পেলাই দিয়া আদি পৰিয়ালৰ কৰ্তব্য ।  ইয়াক ৰোধ কৰিবৰ বাবে জিলা সমূহত মানসিক স্বাস্থ্য আঁচনিৰ যোগেদি  ৰোগীৰ চিকিৎসা আগবঢ়াই থকা হৈছে। জিলা অসামৰিক চিকিৎসালয় সমূহত মনোচিকিৎসকৰ (Psychiatrist) লগতে মনোবিদ (Clinical Psychologist) ,মনোসামাজিক কৰ্মী (Psychiatric Social Worker) আদিৰ নিযুক্তি দিয়া হৈছে।  ইয়াৰোপৰি চৰকাৰে সমগ্র ভাৰতবৰ্ষতে টেলি মানস নামেৰে এটি টোল ফ্ৰী ১৪৪১৬ নম্বৰ ৰাইজৰ মাজত মোকলাই দিছে ,যত সকলো স্তৰৰ ব্যক্তিয়ে ফোনতেই পৰামৰ্শ গ্ৰহণ কৰিব পাৰে । ইয়াৰ পিছতে জেষ্ঠ সাংবাদিক গনেশ দত্তই  আৱাসৰ সকলো বৃদ্ধ লোককে উদ্দেশ্য কৰি কয় যে ৰাতিপুৱা যোগ ,ব্যায়াম তথা নানান সমুহীয়া কাম কাজৰ মাজেৰে আমাৰ শাৰীৰিক তথা মানসিক স্বাস্থ্য ভাল কৰি ৰাখিব পাৰি তথা দৈনন্দিন জীৱনত যোগৰ ধনাত্মক দিশ সমুহ পয্যালোচনা আগবঢ়ায় ।  অনুষ্ঠানৰ শেষত আৱাসৰ দায়িত্বত থকা বিনয় শৰ্মাই আবাসী সকলৰ দৈনন্দিন কাম কাজ তথা ৰোগৰ সতে কেনেকৈ যুজি আবাসটো চলাই নিছে তাকে অৱগত কৰে । প্ৰায় শতাধিক লোক উপস্থিত থকা সজাগতা সভাখনত মনোসমাজসেৱী প্ৰাঞ্জল ঠাকুৰীয়াই শলাগৰ শৰাই যাছে । ইয়াৰ লগতে সমান্তৰালভাৱে জিলাখনৰ চাৰিওটা স্বাস্থ্যখণ্ডতে কালি এই দিৱস বিভিন্ন কাৰ্যসূচীৰে ৰূপায়ন কৰা হয় ।