ডিব্ৰুগড়ত ২১৭ শিক্ষাৰ্থীক সোনোৱাল স্বায়ত্তশাসিত পৰিষদৰ “হেৰম্বনাথ বড়া উচ্চ শিক্ষা প্ৰতিভা বঁটা “প্ৰদান
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে উচ্চ শিক্ষাৰ সুযোগ লাভ কৰা শিক্ষাৰ্থীসকলক লৈ গ্ৰহণ কৰা ‘হেৰম্বনাথ বড়া উচ্চ শিক্ষা প্ৰতিভা বঁটা’ আঁচনিৰ অধীনত ২১৭ জন শিক্ষাৰ্থীক ২১-৯-২৪ তাৰিখে এককালীন জলপানি প্ৰদান কৰে৷ এই উপলক্ষে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই৷ বন্তি প্ৰজ্বলন আৰু অসম সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য খনীন্দ্ৰ সোনোৱালে৷ তেওঁ বিভিন্ন পযাৰ্য়ৰ শিক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ শিক্ষা বিভাগে মুঠ ৯ টা বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ পৰিষদৰ ফালৰপৰা বক্তব্য আগবঢ়ায় মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱালে৷ তেওঁ শিক্ষাৰ্থীসকলক পৰিষদে গ্ৰহণ কৰা আঁচনিসমূহ গ্ৰহণ কৰি উপকৃত হ’বলৈ আহ্বান জনায়৷ পৰিষদৰ ফালৰপৰা ৰূপায়ণ কৰা বিনামূলীয়া পাঠ্যক্ৰম, বিনামূলীয়া প্ৰশিক্ষণ আদি গ্ৰহণ কৰি বৰ্তমানলৈ হাজাৰো অধিক শিক্ষাৰ্থী বিভিন্ন ক্ষেত্ৰত সংস্থাপিত হ’বলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে৷ মুখ্য অতিথিৰ ভাষণত সাংসদ প্ৰদান বৰুৱাই শিক্ষাৰ্থীসকলক একবিংশ শতিকাৰ প্ৰযুক্তিৰ বিকাশৰ লগত ফেৰ মাৰিব পৰাকৈ নিজকে সাজু হ’বলৈ আহ্বান জনায়৷ তেওঁ অসম তথা কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ দিশত গ্ৰহণ কৰা অভিলাষী আঁচনিৰ বিষয়েও আলোকপাত কৰে৷ তদুপৰি একলব্য বিদ্যালয় স্থাপন আৰু তাৰ অন্তৰ্নিহিত লক্ষ্যবোৰৰ বিষয়েও বক্তব্যত উল্লেখ কৰে৷ উল্লেখ্য যে পৰিষদে আঁচনিৰ অধীনত গৱেষণা কৰি থকা গৱেষক, চিকিৎসা শাস্ত্ৰৰ শিক্ষাৰ্থী, বিভিন্ন আভিযান্ত্ৰিক শিক্ষানুষ্ঠান, আই.আই.টি, আই.আই.এম আদিত অধ্যয়ন কৰি থকা এম.বি.এ, এম.টেক, বি.টেক পাঠ্যক্ৰম, এম.এ, এম.এছ.চি, এম.কম, এম ফাৰ্ম আদি বিভিন্ন স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা শিক্ষাৰ্থী সকলক সামৰি লৈছে আৰু প্ৰত্যেককে এককালীন বিশ [২০] হাজাৰ টকাকৈ চে’ক প্ৰদান কৰা হয়৷ অনুষ্ঠানত দুগৰাকী বিদেশত অধ্যয়ন কৰি থকা তৃষ্ণা ডেকা বৰুৱা [ইটালী] আৰু কেশৱানন্দ সোনোৱাল [ফ্ৰান্স]ক এক লাখ টকাৰ চেক প্ৰদান কৰে৷ অনুষ্ঠানত পৰিষদৰ অধ্যক্ষ মদনচন্দ্ৰ হাজৰিকা, উপাধ্যক্ষ অনামিকা বৰশইকীয়া, কাৰ্যবাহী সদস্য ঋষিকেশ শইকীয়া, ৰিদিপ হাজৰিকা, ধীৰেন সোনোৱাল, বিশ্বজিৎ সোনোৱাল, সাধাৰণ সদস্য ৰমনী হাজৰিকা, জীৱন সোনোৱাল, নন্দিনী ডেকা, দুলেশ্বৰী বড়া আদি অনেক বিশিষ্ট লোক উপস্থিত থাকে৷