মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃক গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অনলাইন ট্রেডিঙেৰে নিশাটোৰ ভিতৰতে কোটিপতি হোৱাৰ স্বপ্ন দেখুৱাই ৰাইজৰ পৰা প্ৰায় ৭ হাজাৰ কোটি টকা লুণ্ঠন কৰি পলাতক হৈ থকা ডি বি ষ্টক ব্ৰ’কিঙৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অপৰাধ শাখাৰ সহযোগত গুৱাহাটীৰ পল্টনবজাৰ আৰক্ষীয়ে মহানগৰীৰ গড়চুকৰ অভিগুণা এপার্টমেন্টৰ বাসভৱনৰ পৰা দীপাংকৰ বৰ্মনৰ পিতৃ চবিন বৰ্মন আৰু মাতৃ দীপালী তালুকদাৰক গ্ৰেপ্তাৰ কৰে। বিগত এমাহ ধৰি ৰাইজৰ ধন আত্মসাৎ কৰি পলায়ন কৰা দীপাংকৰ বৰ্মনৰ আত্মগোপন সন্দর্ভত পিতৃ-মাতৃয়ে বহু কথা জানে বুলি সন্দেহ কৰিয়েই আৰক্ষীয়ে দুয়োজনক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ অন্তত দুয়োকে আদালতত হাজিৰ কৰোৱা হয় যদিও আদালতে দুয়োজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। অৱশ্যে দুয়োজনক কাৰাগাৰত হ’লেও তদন্তকাৰী বিষয়াই জেৰা কৰিব পাৰিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে পল্টনবজাৰ থানাত ইতিমধ্যে কেইবাগৰাকী ভুক্তভোগীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু হোৱা ২৮৮/২৪ নম্বৰ গোচৰৰ ভিত্তিত দুয়োজনকে গ্ৰেপ্তাৰ কৰা হৈছে। একাংশ ভুক্তভোগীয়ে অভিযোগ কৰা মতে, দীপাংকৰৰ পিতৃ- মাতৃয়ে লুণ্ঠনৰ সকলো কাহিনী ভালদৰে অৱগত যদিও পুত্ৰৰ স্বাৰ্থত এতিয়ালৈকে আৰক্ষীৰ আগত প্ৰকাশ কৰা নাই। আনহাতে আৰক্ষীৰ এটা সূত্রই জানিবলৈ দিয়া মতে, বিনিয়োগৰ নামত ৰাইজৰ পৰা ধন সংগ্ৰহ কৰা দীপাংকৰ বৰ্মনে নিজৰ একাউণ্টৰ লগতে মাক-দেউতাকৰ একাউণ্টৰ জৰিয়তেও বহু ধনৰ লেনদেন কৰিছিল। আৰক্ষীয়ে ইতিপূর্বে প্ৰৱঞ্চকটোৰ লগতে পিতৃ-মাতৃৰো একাউণ্টৰ সবিশেষ সংগ্ৰহ কৰি পৰীক্ষা চলাইছিল। বেংকৰ পৰা অহা প্রতিবেদনমর্মে চবিন বর্মন আৰু দীপালী তালুকদাৰৰ একাউণ্টযোগে বিভিন্ন সময়ত কেইবা কোটি টকাৰ লেনদেন হৈছিল। অর্থাৎ সকলো জানি-শুনিও আৰক্ষীৰ ওচৰত দুয়োজনে নজনাৰ ভাও ধৰিছিল সেয়া উক্ত প্রতিবেদনৰ পৰাই স্পষ্ট হৈ পৰিছে। আৰক্ষীয়ে দুয়োজনকে জিম্মাত ল’বলৈ বিচাৰিছিল যদিও দুয়োগৰাকীৰে বয়সৰ দিশটোলৈ চাই জিম্মাত নলৈ কাৰাগাৰলৈ প্ৰেৰণ কৰে। অৱশ্যে কাৰাগাৰত দুয়োকে এই সন্দৰ্ভত জেৰা চলোৱা হ’ব বুলিও জানিব পৰা গৈছে। ইপিনে প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃৰ লগতে আৰক্ষীয়ে ডি বি ষ্টক ব্ৰ’কিঙৰ চাৰ্টাৰ্ড একাউন্টেন্ট মহেশ আগৰৱালাকো গ্ৰেপ্তাৰ কৰে। লক্ষণীয় যে প্ৰৱঞ্চক কোম্পানীটোৰ বিভিন্ন লেনদেন মহেশ আগৰৱালাই চোৱাচিতা কৰাৰ লগতে দীপাংকৰ বৰ্মনৰ বিভিন্ন ঠাইত বিনিয়োগ হৈ থকা কোটি কোটি টকা সুৰক্ষিতভাৱে ৰখাৰ ক্ষেত্ৰতো মহেশ আগৰৱালাই গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ধৃত মহেশ আগৰৱালাৰ বিৰুদ্ধে লেনদেন সন্দৰ্ভত বহু তথ্য আৰক্ষীয়ে লাভ কৰিছে। অৱশ্যে তদন্তৰ খাতিৰত উক্ত তথ্যসমূহ বর্তমানলৈ ৰাজহুৱা কৰা নাই মহানগৰ আৰক্ষীয়ে। মহেশ আগৰৱালাক গ্ৰেপ্তাৰৰ পাছতে আদালতত হাজিৰ কৰে মহানগৰ আৰক্ষীয়ে। আদালতে মহেশ আগৰৱালাক তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। বৰ্তমানে মহেশ আগৰৱালাক পাণবজাৰ থানাত ৰখা হৈছে যদিও গোচৰটো যিহেতুকে পল্টনবজাৰ থানাত ৰুজু হৈ আছে, গতিকে পল্টনবজাৰ আৰক্ষীয়ে তেওঁক জেৰা চলাব।অৱশ্যে প্ৰৱঞ্চনাৰ উক্ত গোচৰটোত চাৰিজন লোকক এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও চক্ৰটোৰ অন্যতম মূল অভিযুক্ত দীপাংকৰ বৰ্মনৰ অৱস্থান আজিলৈকে উলিয়াব পৰা নাই মহানগৰ আৰক্ষীয়ে। অভিযুক্ত দীপাংকৰ বর্মনে কেনেবাকৈ বিদেশলৈ পলায়ন কৰাৰ সন্দেহ কৰি সম্প্ৰতি আৰক্ষীয়ে তেওঁৰ পাছপ’ৰ্ট, আধাৰ কার্ডকে ধৰি গুৰুত্বপূৰ্ণ নথিসমূহ দেশৰ প্ৰতিটো বিমানবন্দৰ তথা ৰে’ল আস্থানৰ কর্তৃপক্ষলৈ প্ৰেৰণ কৰিছে। প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ পৰিয়ালৰ আন আত্মীয়সকলকো অহা সোমবাৰৰ ভিতৰত আৰক্ষী থানাত হাজিৰ হোৱাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে।