মাজুলীত বিশ্ব অ’জন দিৱস উদযাপন

মাজুলীত বিশ্ব অ’জন দিৱস উদযাপন

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী বন বিভাগ আৰু চাইন্স ফৰ চ’চিয়েল ৱেলফেয়াৰ অসমৰ উদ্যোগত আজি ৰঙাচাহী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত বিশ্ব অ’জন দিৱস উদযাপন কৰা হয়। নেতাজী সুভাষ চন্দ্ৰ বসু আবাসীক বিদ্যালয়ৰ ছাত্ৰী সকল , গাঁও পঞ্চায়তৰ বিষয়-ববীয়া আৰু আঞ্চলিক ৰাইজ উপস্থিত থাকে এই সজাগতা সভাখনিত। সভাখনি সভাপতিত্ব কৰে গাঁও পঞ্চায়তৰ সমন্বয়ক পাপু দাসে। সভাৰ উদেশ্য বাখ্যা কয় আঞ্চলিক বন বিষয়া অতুল দাসে।অ’জন দিৱস সম্পৰ্কত চমু বক্তৃতা আগবঢ়াই চাইন্স ফৰ চ’চিয়েল ৱেলফেয়াৰ অসমৰ কাৰ্যকৰী সদস্য জয়ন্ত মাধৱ কলিতাই। এই সভাতে ছাত্ৰ ছাত্ৰীৰ বাবে অতিকৈ উপযোগী বিশেষ বক্তৃতা প্ৰদান কৰে মাজুলী জিলা বন প্ৰাধিকাৰী জয়ৰাম বৰুৱাই। সমজুৱা একেষাৰ কয় পঞ্চায়তৰ বিনয় মিলিয়ে। শলাগৰ শৰাই আগবঢ়াই আঞ্চলিক বন বিষয়া অতুল দাসে। ইফালে মাজুলীৰ প্ৰায় ৩৫ খন বিদ্যালয়ৰ ইকো’ ক্লাৱত মাজুলী জিলা Environment Education প্ৰগ্ৰেমৰ জিলা নোডেল এজেঞ্চি উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিশ্ব অ’জন দিৱস পালন কৰে। উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক জয়ন্ত মাধৱ কলিতাই সকলো বিদ্যালয় ইকো’ ক্লাৱক ধন্যবাদ জনায় শলাগ লয়। মাজুলীৰ এখন এখন আগশাৰীৰ শিক্ষানুষ্ঠান জেংৰাইমুখ মহাবিদ্যালয়তো উলহ মালহেৰে বিশ্ব অ’জন দিৱস উদযাপন কৰা হয়।