মহিলা প্ৰাৰ্থীক তালাচীৰ বাবে তৈয়াৰ কৰা হ’ব SOP: মুখ্যমন্ত্ৰী 

Pc OpIndia

মহিলা প্ৰাৰ্থীক তালাচীৰ বাবে তৈয়াৰ কৰা হ’ব SOP: মুখ্যমন্ত্ৰী 

ৰঙিলী বাৰ্ত্তাসেৱা- দেওবাৰে অনুষ্ঠিত হোৱা তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত তালাচীৰ নামত যুৱতীক আতিশয্যৰ অভিযোগ। নলবাৰীৰ এটি পৰীক্ষা কেন্দ্ৰত তালাচীৰ নামত নিৰ্যাতনৰ অভিযোগৰ পিছতে তৎপৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত হ’বলগীয়া পৰীক্ষা কেইটাত মহিলা প্ৰাৰ্থীৰ তালাচীৰ ক্ষেত্ৰত এছ অ’ পি প্ৰস্তুত কৰা হ’ব বুলি ঘোষণা কৰিছে । ADRE পৰীক্ষা সন্দৰ্ভত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, “কালি যুৱক-যুৱতীসকলে খুব আশাৰে ৰৈ থকা ADRE ৰ প্ৰথমটো পৰীক্ষা সফলতাৰে অনুষ্ঠিত হয় ৷ ইয়াৰ মাজতে এটা অতি স্পৰ্শকাতৰ অভিযোগ উত্থাপন হৈছে ৷ নলবাৰীৰ এটি পৰীক্ষা কেন্দ্ৰত এগৰাকী ছাত্ৰীয়ে প্ৰৱেশ কৰাৰ পূৰ্বে এগৰাকী মহিলা কনিষ্টবলে ছাত্ৰীগৰাকীৰ ব্যক্তিগত অংশত তালাচী চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ বিষয়টো চিন্তনীয় আৰু সেইবাবে এই ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ সৈতে কথা পাতি সমগ্ৰ ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছো ।”মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, “মোৰ তথা এখন সমাজৰ বাবে আমাৰ মাতৃ-ভগ্নীসকলৰ মৰ্যাদা আৰু সন্মান সৰ্বোচ্চ গুৰুত্বপূৰ্ণ । উত্তৰ লখিমপুৰত সংঘটিত আন এটি ঘটনাৰ বিষয়েও মোক অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানে অৱগত কৰালে ৷ য’ত এগৰাকী ছাত্ৰীৰ কাপোৰৰ ভিতৰৰ পৰা নকল উদ্ধাৰ কৰা হয় ।” মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, “আমি উচ্চতম পৰ্যায়ৰ নিকা আৰু স্বচ্ছতাৰে ADRE পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এশ শতাংশ প্ৰয়াস কৰিছো । এই বিষয়ত আমি কোনো কাৰণতে আপোচ কৰা নাই ৷ একে সময়তে আমাৰ মহিলা প্ৰাৰ্থীসকলৰ শালীনতা আৰু মৰ্যাদা সকলো সময়তে ৰক্ষা কৰাৰ বাবে আমি দায়বদ্ধ । গতিকে পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাসমূহৰ পূৰ্বে মহিলা প্ৰাৰ্থীক তালাচী চলোৱাৰ সন্দৰ্ভত মহামান্য আদালতে আগবঢ়োৱা প্ৰাসংগিক ৰায় আৰু মহিলা আয়োগৰ পৰা অহা নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি এক সঠিক এছ অ’ পি প্ৰস্তুত কৰা হ’ব ৷”তালাচীৰ নামত চলা আপত্তিজনক ব্যৱহাৰৰ অভিযোগৰ পাছত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই বিষয়ত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তদন্তৰ নিৰ্দেশ দিয়ে ৷ ৷” উল্লেখযোগ্য যে দেওবাৰে অনুষ্ঠিত তৃতীয় বৰ্গৰ পৰীক্ষাত নলবাৰীৰ বেলশৰৰ এগৰাকী যুৱতী প্ৰাৰ্থীয়ে তালাচীৰ নামত শৰীৰৰ গোপন অংশত হাত দিয়া বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল ৷ এই যুৱতীগৰাকীৰ অভিযোগৰ পিচত সামাজিক মাধ্যমত বিভিন্নজনে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে ।