অভিশপ্ত স্মৃতি – পৰিস্মিতা বৰা হাজৰিকা

এক মিনিটৰ গল্প

 অভিশপ্ত স্মৃতি

পৰিস্মিতা বৰা হাজৰিকা
মাজুলী

ডিচেম্বৰ মাহৰ এটা সুন্দৰ পুৱা । ফৰকাল বতৰ । পুৱাৰ কোমল ৰ’দচাতিয়ে মালবিকাৰ মনটো পোহৰাই তুলিলে । আগচোতালৰ চকীখনতে বহি চাই ৰল বাহিৰৰ সৌন্দৰ্য । কিমান প্ৰিয় আছিল এই ৰ’দ কাচলি । ঠাণ্ডা দিনত কোমল ৰ’দচাতিয়ে সিচি দিয়া এই সুবাস বৰ প্ৰিয় আছিল মালবিকা দুৱৰাৰ ।

বাইদেউ , চাহ খাওক আৰু এইখন আজিৰ বাতৰি কাকত । পুৱাৰ চাহ কাপ আৰু কাকত খন দুয়োটা স্ংগী হৈ পৰিছে মিছ দুৱৰাৰ ।গৰম গৰম চাহ খাই খাই কাকতখন পঢ়াৰ মজাই বেলেগ । কাকতখন মেলি আচৰিত হৈ পৰিল মালবিকা দুৱৰা । বৰ বৰ হৰফেৰে লিখা সেই বাতৰিতো দেখি উচপ খাই উঠিল মালা । এগৰাকী নামজ্বলা গল্পকাৰ, ঔপন্যাসিক হিচাপে সুৰঞ্জনা দুৱৰালৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ সাহিত্য অকাডেমী বটা । একে উশাহে পঢ়িলে বাতৰিটো । আচৰিত হ’ল মালবিকা দুৱৰা । আনন্দতে চকুলো বৈ আহিল মালাৰ ।

কেনেকৈ প্ৰকাশ কৰে মনৰ বতৰা । এইয়া যে তেওঁৰ ছদ্মবেশ সেইটো কোনেই নাজানে । এতিয়া কয় কেনেকৈ । নিজৰ অকলশৰীয়া সময়বোৰ পাৰ কৰিছিল গল্প , কবিতা লিখি । নিজৰ জীৱনৰ সেই অভিশপ্ত দিনবোৰ সুৱৰি লিখি গৈছিল ইটোৰ পিছত সিটো কৰুণ কাহিনী । আৰু এদিন মনৰ আনন্দতেই পঠাইছিল বিভিন্ন আলোচনী , কাকতলৈ এটি ছদ্মনামেৰে । সুৰঞ্জনা দুৱৰা । আৰু আজি সেই সুৰঞ্জনা দুৱৰাই সাহিত্য অকাডেমী বটা পাইছে । কিন্তু কেনেকৈ আজি মালবিকাই মানুহৰ আগত নিজকে পৰিচয় দিব ? কেনেকৈ ? বিভিন্ন জনৰ প্ৰ্শ্নৰ উত্তৰ দিবলৈ নিজকে কেনেকৈ সাজু কৰে মালবিকাই । এটা জটিল সমস্যাই দেখা দিলে মালাৰ সন্মুখত । কেনেকৈ দুৰ কৰে এই প্ৰত্যাহবান ?

নিসংগতাৰে আবৰা সময়বোৰৰ একমাত্ৰ লগৰী আছিল কাগজ আৰু কলম । সেই কাগজতেই লিপিবদ্ধ কৰিছিল সেই কৰুণ স্মৃতি। জোন , বেলিক সাক্ষী কৰি লিখা সেই স্মৃতি । এতিয়া এটা বটাৰ বাবে কেনেকৈ নিজকে উলিয়ায় আনে সমাজৰ মুখা পিন্ধা সেই ভদ্ৰ মানুহবোৰৰ ওচৰলৈ । যাৰ বাবে আজি ইমান বছৰে পলৰীয়া জীৱন পাৰ কৰিছে মালাই ।

আজিও পাহৰো বুলিও পাহৰিব পৰা নাই মালাই তেওঁৰ জীৱনৰ সেই কৰুণগাঠা । চকুৰ সন্মুখত জোনাকী পৰুৱা হৈ তিৰবিৰাই উঠিল অতীতৰ সেই স্মৃতি ।

গোলাঘাট চহৰৰ এখন সম্ভ্ৰান্ত ঘৰৰ মালিক নীৰেন দুৱৰা । নীৰেন দুৱৰা আৰু নিৰ্মালী দুৱৰাৰ একমাত্ৰ সন্তান মালা । মালবিকা দুৱৰা । মাক – দেউতাকৰ হীয়াৰ আমঠু মালাই সৰুৰে পৰা পঢ়া শুনা সকলোতেই প্ৰখৰ বুধিৰ আছিল । আৰু সকলোৰে নয়নৰ মনি মালাই মাক – দেউতাকৰ প্ৰতিটো ইচ্ছাই পুৰণ কৰিবলৈ সদায় চেষ্ঠা কৰিছিল । কিন্তু সকলো গিলি পেলালে নিষ্ঠুৰ সময়ৰ কৰাল গ্ৰাসে । ভৰ যৌৱনত ভৰি দিয়েই প্ৰেমৰ নদীত সাতুৰি দিকবিদিগ হেৰুৱাইছিল মালাই । মৰমৰ প্ৰৱঞ্চনাই বহুত কথাই শিকাই গৈছিল কম বয়সতেই মালাক । সেই ভুলৰ বাবেই হেৰুৱাছিল মাক দেউতাকক । কেতিয়াও ক্ষমা নকৰো বুলি ঘৰৰ পৰা উলিয়াই দিয়া মাক দেউতাকে এবাৰো নাভাবিলে একমাত্ৰ সন্তানৰ ভৱিষ্যৎৰ কথা । ঘৰৰ ঠিকনা হেৰুৱাই মালাই নতুন ঠিকনা ললে বেশ্ৰালয়ৰ । জীয়ায় থকাৰ তাৰনাত নিজকে সৰ্পি দিলে সমাজৰ এচাম ভদ্ৰ লোকৰ হাতত । আৰু আজি কি পালে নিজকে বেশ্ৰা সজাই । জীৱনৰ আনন্দৰ মুহূৰ্ত বোৰতো সাহৰেৰে ঠিয় হব নোৱাৰা মালাই চকুলো টুকিছে নিৰবে নিশব্দে । অতীতৰ এটা ভুল সিদ্ধান্ত বাবেই জীৱনৰ বিয়লি বেলাত অনুশোচনাত দগ্ধ হৈছে মালবিকা দুৱৰা । নিজৰ সৃষ্টি ৰাজিৰ বাবে পোৱা বটাটোও আনিবলৈও সাহস নাই মালাৰ । চাদৰৰ আচলেৰে চকুলো টুকি ভুলৰ প্ৰায়শ্চিত্ত বিচাৰিছে নিজৰ ওচৰতে । কাকত খন বুকুৰ মাজত সাবটি কান্দি উঠিল মালা এক গভীৰ দুখত ।