জেএছএফৰ সভা

জেএছএফৰ সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  জনসংখ্যা সমাধান ফাউণ্ডেচন (জেএছএফ) নতুন দিল্লীত পঞ্জীয়ন ভু্ক্ত আৰু “পেটেন্ট” প্ৰাপ্ত এটি ৰাষ্ট্ৰৱাদী সংগঠন। দেশত হৈ থকা ভয়ংকৰ জনবিস্ফোৰণ আৰু জনসংখ্যাৰ গাঁঠনিত হোৱা দ্ৰুত মৌলিক পৰিবৰ্তনক বাধা দিবলৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে ওপৰত প্ৰযোজ্য হোৱাকৈ দুটা সন্তান পৰিয়াল ভিত্তিক এখন জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ প্ৰনয়ণ আৰু ৰূপায়ণৰ হকে জেএছএফে যোৱা ১২ বছৰ ধৰি সমগ্ৰ দেশত জনসজাগতা সৃষ্টিৰে চৰকাৰৰ ওপৰত হেচা প্ৰয়োগ কৰি আহিছে। সম্প্ৰতি জেএছএফৰ ৰাষ্ট্ৰীয় দায়িত্ব নিৰ্ধাৰণ সমিতিয়ে দেশৰ কেইখন মান ৰাজ্যত নতুন ৰাজ্যিক সভাপতি নিয়োগ কৰাৰ সমান্তৰালকৈ অসম প্ৰদেশ জনসংখ্যা সমাধন ফাউণ্ডেচনৰ বাবে শ্ৰী ভাস্কৰ দাসক ৰাজ্যিক অধ্যক্ষ হিচাপে নিয়োগ কৰিছে। বহু সংখ্যক ৰাইজ আৰু কাৰ্যকৰ্তাৰ উপস্থিতিত গুৱাহাটীৰ উজান বজাৰস্থিত পদ্ম ভৱনত অনুষ্ঠিত হোৱা অসম জেএছএফৰ সাধাৰণ সভাত শ্ৰী ভাস্কৰ দাসক সম্বৰ্ধনা জনাই প্ৰদেশ অধ্যক্ষৰ কাৰ্যভাৰ অৰ্পণ কৰা হয়। লগতে জেএছএফৰ নব নিযুক্ত ৰাষ্ট্ৰীয় কাৰ্যকাৰিণী সদস্যদ্বয় শ্ৰী নিলম হাজৰিকা আৰু শ্ৰী প্ৰদ্যুৎপল শৰ্মাক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়৷জেএছএফৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু উত্তৰ পুৰ্বাঞ্চলৰ আহবায়কদ্বয় ক্ৰমে হৰেন্দ্ৰ বৰা আৰু শ্ৰীমতী ৰঞ্জিতা ৰাজে আহবান কৰা অসম জেএছএফৰ ৰাজহুৱা সভা খনত সভাপতিত্ব কৰে মৰিগাওঁ জিলা জেএছএফৰ মাননীয় সভাপতি শ্ৰী অতুল বৰাই। সভাত অসম জেএছএফৰ অধ্যক্ষক ৰাজ্যিক সমিতি গঠণ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰা, জিলা জেএছএফৰ সমিতি সমূহ বাহাল ৰখা আৰু প্ৰত্যেক বিধান সভা সমষ্টিত জেএছএফৰ সমিত গঠণ প্ৰক্ৰিয়া তৰান্বিত কৰিবলৈ লোৱা প্ৰস্তাৱ সৰ্বসন্মতি ক্ৰমে গৃহীত হয়।