মঙলদৈ অসামৰিক চিকিৎসালয়ত নতুন সেৱাৰ শুভ উন্মোচন
মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- আজি হস্ততাঁত আৰু বস্ত্ৰ, ভূমি সংৰক্ষণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই মঙলদৈ অসামৰিক চিকিৎসালয়ত সংহত জনস্বাস্থ্য পৰীক্ষাগাৰ, ছেমি আই চি ইউ, ফিজিঅ’থেৰাপী বিভাগ, শীত-তাপ নিয়ন্ত্ৰিত ভেৰোণীয়া আৰু অৰ্ধ ভেৰোণীয়া কোঠা, বাৰ্ধক্যজনিত কক্ষ আৰু মহিলা অন্ত:বিভাগ আদিৰ দ্বাৰ উন্মোচন কৰে। মঙলদৈ অসামৰিক চিকিৎসালয়ৰ এই নতুন সেৱাসমূহৰ শুভ উন্মোচন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনৰ কাৰ্যকালত ৰাজ্যখনৰ স্বাস্থ্য খণ্ডত প্ৰভূত উন্নতি সাধন হৈছে। তেওঁ লগতে কয় যে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ দৰে চিকিৎসানুষ্ঠান সুপৰিচালনা কৰি আগবঢ়াই নিবৰ বাবে উপযুক্ত নেতৃত্বৰ প্ৰয়োজন।এইক্ষেত্ৰত তেওঁ অভিজ্ঞ আৰু সুদক্ষ চিকিৎসকৰ ভূমিকাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰত সুদূৰপ্ৰসাৰী পৰিবৰ্তন হৈছে বুলি মন্তব্য কৰে। সকলোৰে সহযোগিতাত মঙলদৈ অসামৰিক চিকিৎসালয়খন সুন্দৰ কৰি ৰাখিব লাগিব বুলি উল্লেখ কৰি এইক্ষেত্ৰত তেওঁ জনসচেতনতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আজিৰ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে। অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ উৎপল বৰুৱা আদি উপস্থিত থাকে। আজি অমৃত বৃক্ষ আন্দোলনৰ সৈতে সংগতি ৰাখি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু আন কেউগৰাকী বিশিষ্ট ব্যক্তিয়ে চিকিৎসালয়খনৰ চৌহদত গছপুলি ৰোপণ কৰে।