সীমান্তৰ নিৰাপত্তাক লৈ সৰৱ অসম জাতীয় পৰিষদ

সীমান্তৰ নিৰাপত্তাক লৈ সৰৱ অসম জাতীয় পৰিষদ: চৰকাৰী ব্যৰ্থতাক দুৰ্ভাগ্যজনক আখ্যা

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ দৰে মহাশক্তিধৰ ৰাষ্ট্ৰৰ বাবে অসম চুক্তি ৰূপায়ন কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক আৰু লাজৰ বিষয়৷ – এই তাৎপৰ্য্যপূৰ্ণ মত অসম জাতীয় পৰিষদৰ৷ এখন সংবাদ মেলত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে ১৯৮৫ চনৰ ১৪ আগষ্টৰ মাজনিশা অসম চুক্তি স্বাক্ষৰিত হৈছিল৷ সেই হিচাপত কাইলৈ অসম চুক্তি স্বাক্ষৰিত হোৱাৰ ৩৯ বছৰ সম্পূৰ্ণ হ’ব৷ অসম চুক্তি স্বাক্ষৰৰ আগৰ ছবছৰ দীঘলীয়া গণ আন্দোলন হৈছিল৷ ৮৫৫জনে প্ৰাণ দিছিল, হাজাৰ হাজাৰ লোক ঘুনীয়া হৈছিল৷ লাখ লাখ অসমবাসী ৰাইজ ৰাজপথলৈ নামি আহিছিল৷ ক্ষোভিত ৰাইজৰ আৱেগক সন্মান জনাই ভাৰতৰ সেই সময়ৰ প্ৰধান মন্ত্ৰী ৰাজীব গান্ধীয়ে অসম চুক্তি স্বাক্ষৰ কৰিছিল৷ চুক্তিত চহী মানে ভাৰত ৰাষ্ট্ৰই অসমবাসী ৰাইজক দিয়া কেইটামান প্ৰতিশ্ৰুতি৷ আজি বিশ্বগুৰু হ’বলৈ যোৱা ভাৰতৰ দৰে এখন শক্তিশালী ৰাষ্ট্ৰই নিজৰে এখন অংগৰাজ্যৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি ৩৯ বছৰে পূৰণ কৰিব পৰা নাই৷ ইয়াতকৈ লাজৰ কথা আৰু কি হ’ব পাৰে ৷ এয়া দুৰ্ভাগ্যজনক৷ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, মুখ্য উপদেষ্টা বসন্ত ডেকা, সম্পাদকদ্বয় চিত্তৰঞ্জন বসুমতাৰী আৰু জিয়াউৰ ৰহমানৰ উপস্থিতিত আয়োজিত সংবাদ মেলখনত গগৈয়ে কয় যে  শেহতীয়াভাৱে বাংলাদেশত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সেই দেশৰ পৰা ভাৰত বা অসমলৈ ব্যাপক হাৰত অনুপ্ৰৱেশ ঘটাৰ সম্ভাৱনা ব্যক্ত কৰা হৈ আছে৷ অসমতে একাধিক সংগঠনে সেই দেশৰ আক্ৰান্ত সংখিযালঘু নাগৰিকক ভাৰতলৈ লৈ আনিব লাগে বুলি দাবী কৰিছে৷ পশ্চিমবংগৰ সীমান্ত এলেকাত অসমত প্ৰৱেশ কৰিবলৈ বিচাৰি সীমান্ততত ৰৈ থকা হাজাৰ হাজাৰ লোকৰ ফটো আৰু ভিডিঅ’ সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ স্বয়ং অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে অসমলৈ সোমাব বিচৰা বাংলাদেশীক সীমান্তত আটক কৰা বুলি সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ স্বীকাৰ কৰিছে৷ এনে পৰিস্থিতিত অসম-বাংলা সীমান্তৰ অৱস্থা নিৰীক্ষণ কৰিবলৈ কালি সংবাদ মাধ্যমক লগত লৈ অসম জাতীয় পৰিষদৰ এটা প্ৰতিনিধি দল মানকাচৰলৈ গৈছিল৷ তাত যোৱাৰ পাছত কালো নদীৰ কাঁইটীয়া তাঁৰৰ বেৰ কেনেকৈ নষ্ট হৈ অস্তিত্বহীন হৈ গৈছে আৰু এতিয়াও বাংলাদেশৰ পৰা অসমলৈ মানুহ আহি থকা বা অসমৰ পৰা বাংলীদেশলৈ গৰু-মহ তথ্য অন্য চোৰাং সামগ্ৰী সেই অঞ্চলেদি অহা-যোৱা হৈ থাকে, সেয়া স্থানীয় ৰাইজে প্ৰকাশ কৰাটো প্ৰতিনিধি দল আৰু সাংবাদিকসকলে স্বচক্ষে দেখিছে আৰু শুনিছে৷  ইয়াৰ পৰাই সীমান্ত নিৰাপত্তাৰ প্ৰকৃত ছবিখন স্পষ্ট হৈ পৰা বুলি গগৈয়ে মত প্ৰকাশ কৰে ৷ জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে ২০১৬ চনৰ ৫ এপ্ৰিলত বিজেপি দলৰ সেই সময়ৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অসমলৈ আহি কৈছিল যে ৰাজ্যত বিজেপি চৰকাৰ গঠিত হ’লে সীমান্ত এনেকৈ ছীল কৰা হ’ব যে মানুহ নালাগে, বাংলাদেশৰ পৰা চৰাই এটাও আহি সোমাব নোৱাৰে৷ ২০১৯ চনৰ ৫ মাৰ্চত অসমলৈ আহি কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে তেওঁ কৈছিল যে নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত সীমান্ত ইমানেই নিৰাপদ যে মানুহ নালাগে, বাংলাদেশৰ পৰা চৰাই এটা আহি অসমত সোমাব নোৱাৰে ৷ বিগত লোকসভা নিৰ্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ চাবুৱাত এখন নিৰ্বাচনী সভাত কৈছিল যে সীমান্ত ইমানেই নিৰাপদ যে  মানুহ নালাগে, বাংলাদেশৰ পৰা চৰাই এটা আহি অসমত সোমাব নোৱাৰে৷ কিন্ত সীমান্তৰ বাস্তৱ ছবিখন জাতীয় পৰিষদে কালি মানকাচৰত চাই আহিল আৰু সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজেও দেখিলে৷ গগৈয়ে তথ্য দাঙি ধৰি কয় যে ২০১৫ চনত উচ্চতম ন্যায়ালয়ে উপমন্যু হাজৰিকাৰ নেতৃত্বত গঠন কৰি দিয়া এজনীয়া আয়োগে ইয়াৰ প্ৰতিবেদনত কৈছিল যে অসম-বাংলা সীমান্তত ২৬৩ কুলোমিটাৰ এলেকাৰ ৪৪ কিলোমিটাৰ উন্মোক্ত হৈ আছে৷ আনহাতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ ২০২৪ চনৰ বাৰ্ষিক প্ৰতিবেদনত কোৱা হৈছে যে ভাৰত-বাংলা সীমান্তৰ অসম অংশৰ ২৬৫.৫ কিলোমিটাৰ এলেকাৰ ৬০ কিলোমিটাৰ এতিয়াও উন্মোক্ত হৈ আছে৷ কালি মানকাচৰৰ স্থানীয় ৰাইজে জাতীয় পৰিষদৰ প্ৰতিনিধি দলটো আৰু সংবাদ মাধ্যমক জনোৱা মতে, জিলাখনৰ কালোঘাট, শিয়ালটাৰী, কুছনিমাৰা, বোৱালীয়া, ঝনঝনি আৰু শিশুমাৰা – এই ছখন সীমান্ত দলঙৰ তল আৰু কাষৰীয়া এলেকা উন্মুক্ত হৈ আছে যাৰ মাজেদি মানুহ তথা চোৰাং সামগ্ৰীৰ আহ-যাহ চলি আছে৷ এনে পৰিপ্ৰেক্ষিতত সীমান্ত কেতিয়া ছীল কৰা হ’ব, বিদেশী চিনাক্ত আৰু বহিষ্কৰণৰ কাম কেতিয়া সম্পূৰ্ণ কৰা হ’ব, ত্ৰুটিহীন এন আৰ ছি কেতিয়া প্ৰকাশ কৰা হ’ব, অসম চুক্তি আখৰে আখৰে কেতিয়াকৈ ৰূপায়ন কৰা হ’ব আৰু বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদন কেতিয়া কাৰ্যকৰী কৰিব – এইসমূহ বিষয় এইবাৰৰ ১৫ আগষ্টৰ লালকিল্লাৰ ভাষণত ঘোষণা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গগৈয়ে দাবী জনায়৷