কাজিৰঙাত স্থাপন হ’ব পঞ্চতাৰকা হোটেল

কাজিৰঙাত স্থাপন হ’ব পঞ্চতাৰকা হোটেল

টাটা গ্ৰুপ আৰু ৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কাজিৰঙাত স্থাপন কৰা হ’ব প্ৰথমখন পঞ্চতাৰকা হোটেল ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তাজ গ্ৰুপৰ তাজ’ ৰিজ’ৰ্ট এণ্ড স্পাৰ অধীনত কাজিৰঙাত প্ৰথমবাৰৰ বাবে পঞ্চতাৰকাযুক্ত হোটেল স্থাপনৰ বাবে ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডৰ সৈতে অসম পর্যটন উন্নয়ন নিগম আৰু এমালগেমেটেড প্লেন্টেচনছ প্রাইভেট লিমিটেডৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। জনতা ভৱন পৰিসৰস্থিত লোকসেৱা ভৱনৰ সভাকক্ষত অনুষ্ঠিত এই অনুষ্ঠানত অসম চৰকাৰৰ হৈ অসম পর্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰা, ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া পুনিৎ ছাটোৱাল আৰু এমালগেমেটেড প্লেন্টেচনছ প্রাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক তথা মুখ্য কার্যবাহী বিষয়া সুখজিৎ সিং মালহোত্রাই এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। উল্লেখ্য যে এই বুজাবুজি চুক্তিৰ অধীনত মুঠ বিনিয়োগ হ’ব ১২০ কোটি টকা। কাজিৰঙাত নিৰ্মাণ হ’বলগীয়া পঞ্চতাৰকাযুক্ত হোটেলখনত ৭৫ৰ পৰা ১০০টা কোঠা থাকিব। এই প্ৰকল্পৰ দ্বাৰা প্ৰায় ২০০ গৰাকী যুৱক-যুৱতীৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটো অসমৰ বাবে এটা উল্লেখনীয় দিন বুলি অভিহিত কৰি কয় যে আজিৰ দিনটোতে জাগীৰোডত অসমৰ প্ৰথমটো ছেমিকণ্ডাক্টৰ উদ্যোগৰ ভূমি পূজন সম্পাদন হোৱাৰ উপৰি কাজিৰঙাত এখন পঞ্চতাৰকাযুক্ত হোটেল স্থাপনৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। কোনো এটা অঞ্চললৈ পর্যটক আহি কিছুদিন অতিবাহিত কৰিলেহে পৰ্যটন উদ্যোগটোৰ সৈতে জড়িত ব্যৱসায়ীসকল উপকৃত হয়। কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেলৰ অভাৱৰ বাবে বহু পৰ্যটকে এদিন বা দুদিনতে ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰি উভতি গৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ টাটা গ্রুপক কাজিৰঙাত এখন পঞ্চতাৰকাযুক্ত হোটেল স্থাপনৰ বাবে বহু দিনৰে পৰা অনুৰোধ জনাই অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয় যে প্রতিষ্ঠানটো এতিয়া অঞ্চলটোত এখন হোটেল নিৰ্মাণৰ দিশত আগবঢ়াৰ পিছত কাজিৰঙাত পৰ্যটকসকলৰ বাবে অতিৰিক্ত কিছু সময় কটোৱাৰ সুবিধাৰ সৃষ্টি হ’ব। তাজ গ্ৰুপৰ বিশিষ্ট অতিথি সেৱাৰ দ্বাৰা ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰখন অর্থনৈতিকভাৱে আৰু অধিক সবল কৰিব পৰা যাব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শেহতীয়া কাজিৰঙা ভ্ৰমণৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে প্রধানমন্ত্রী মোদীয়ে কাজিৰঙা ভ্ৰমণৰ উপৰি তাত এনিশা কটাই যোৱাৰ পিছত ৰাষ্ট্ৰীয় উদ্যানখনলৈ অভিলেখসংখ্যক পৰ্যটকৰ আগমন ঘটিছে। আজিৰ এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে তাজ গ্রুপে হোটেল স্থাপনৰ বাবে গ্ৰহণ কৰা পদক্ষেপে পর্যটন খণ্ডটোক আৰু অধিক আগুৱাই নিয়াত সহায় কৰিব। এই আতিথ্য আন্তঃগাঁথনি নিৰ্মাণৰ দিশত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে নিশ্চিতি প্রদান কৰে। অনুষ্ঠানত দি টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ভূয়সী প্রশংসা কৰি কয় যে অসম অতুলনীয় প্রাকৃতিক বৈভৱেৰে সমৃদ্ধ আৰু বিশ্বৰ পৰ্যটন ক্ষেত্ৰখনত উজলি উঠাৰ বাবে ৰাজ্যখন অফুৰন্ত সমল আৰু সম্ভাৱনাৰে পৰিপূৰ্ণ। ৰাজ্যখনক অর্থনৈতিকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা পদক্ষেপৰ শলাগ লৈ তেওঁ কয় যে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত পৰ্যটন খণ্ডটোৱে নতুন গতি লাভ কৰিছে। তেওঁ লগতে ঘোষণা কৰে যে ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডৰ গুৱাহাটীস্থিত ভিভান্টা হোটেলখন তাজ হোটেললৈ উন্নীত কৰা হ’ব। তদুপৰি গুৱাহাটীৰ পৰা জাগীৰোডলৈ যোৱা পথত তাজ গ্রুপে এখন তাজ গেটৱে’ হোটেল স্থাপনৰ পৰিকল্পনা গ্রহণ কৰিছে। অনুষ্ঠানত পর্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱা, হস্ততাঁত আৰু বস্ত্রশিল্প মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্ম, চাহ জনজাতি কল্যাণ মন্ত্রী সঞ্জয় কিষাণ, মুখ্য সচিব ড° ৰবি কোটা, পৰ্যটন বিভাগৰ প্ৰধান সচিব ড° জে বি এক্কা, ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক তথা মুখ্য কার্যবাহী বিষয়া পুনিৎ ছাটোৱাল, এমালগেমেটেড প্লেন্টেচনছ প্রাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক তথা মুখ্য কার্যবাহী বিষয়া সুখজিৎ সিং মালহোত্রা, টাটা ইলেক্ট্রনিকছৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া ৰণধীৰ ঠাকুৰ, অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰা আদি উপস্থিত থাকে।