৫২ বছৰৰ পাছত অলিম্পিকত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিলে ভাৰতীয় হকী দলে

৫২ বছৰৰ পাছত অলিম্পিকত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিলে ভাৰতীয় হকী দলে

ৰঙিলী বাৰ্ত্তাসেৱা- ৫২বছৰৰ পাছত অলিম্পিকত অভিলেখ ৰচিলে ভাৰতীয় হকী দলে। শুকুৰবাৰে পেৰিছ অলিম্পিকত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ হকী দলৰ মাজত অন্তিমখন লীগ মেচ অনুষ্ঠিত হয়।এই মেচখনত ভাৰতে অষ্ট্ৰেলিয়াক ৩-২ গ’লত পৰাস্ত কৰে৷ অলিম্পিকত প্ৰথমবাৰৰ বাবে ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰে। উল্লেখ্য যে, ৫২ বছৰৰ পূৰ্বে ১৯৭২ চনত অলিম্পিকত ভাৰতীয় হকী দলে অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল ৷ আজিৰ খেলখনত ভাৰতৰ হৈ অভিষেক আৰু হৰমনপ্ৰীত সিঙৰ আক্ৰমণাত্মক আৰম্ভণিৰে অষ্ট্ৰেলিয়াক বেকফুটলৈ ঠেলি দিয়ে ৷ ভাৰতে ২-০ গলত প্ৰথম কোৱাৰ্টাৰ সমাপ্ত কৰে ৷ মেচখনৰ দ্বিতীয় কোৱাৰ্টাৰত অষ্ট্ৰেলিয়াই প্ৰথমটো গল দিয়ে ৷ খেলখনৰ ২৫ মিনিটত অষ্ট্ৰেলিয়াৰ হৈ ক্ৰেগ থমাছে এটা গল দি ২-১ ত অগ্ৰগতি লাভ কৰে ৷মেচখনৰ তৃতীয় কোৱাৰ্টাৰত ভাৰতে তৃতীয়টো গল দিয়ে ৷ খেলৰ ৩২ মিনিটত ভাৰতে পেনাল্টি কৰ্ণাৰত হৰমনপ্ৰীত সিঙে দলৰ হৈ গল দিয়ে ৷ অধিনায়ক হৰমনপ্ৰীত সিঙে এই মেচখনৰ তৃতীয় আৰু দ্বিতীয়টো গল দিয়ে ৷ ইয়াৰ জৰিয়তে ভাৰতে ৩-১ লৈ খেলত অগ্ৰগতি লাভ কৰে।পৰৱৰ্তী সময়ত অষ্ট্ৰেলিয়াৰ গভাৰ্ছ ব্লেকে দ্বিতীয়টো গল দিয়ে। ইয়াৰ পিচত খেলখনৰ শেষলৈ দুয়োটা দলৰ কোনোৱে গল দিব নোৱাৰাত ভাৰতে ৩-২ গলত জয়লাভ কৰে। এই জয়ৰ পাছতে এতিয়া কোৱাৰ্টাৰ ফাইনেলৰ বাবে সাজু হৈছে ভাৰতীয় দলটো।পেৰিছ অলিম্পিকত গ্ৰুপ পৰ্যায়ত ভাৰতে মুঠ ৫ খন খেল খেলিছে,ইয়াৰে ৩ খন মেচত জয়ী হোৱা লগতে এখন মেচ ড্ৰ’ হয় আৰু এখন মেচত পৰাস্ত হৈছে ৷