বিৰোধীৰ উত্থান গণতন্ত্ৰৰ বাবে শুভ লক্ষণ

p.c- sentinel assam

বিৰোধীৰ উত্থান গণতন্ত্ৰৰ বাবে শুভ লক্ষণ।

                                                              দেবর্ষি গৌতম, বনগাঁও, নলবাৰী

        এখন গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত হয় আৰু সেই নিৰ্বাচনত দেশৰ জনতাই কোনে শাসনত অধিষ্ঠিত হব আৰু কোনে বিৰোধীৰ ভূমিকা পালন কৰিব তাৰ বাবে ভোটৰ জৰিয়তে ৰায়দান কৰে। যিদৰে এখন গণতান্ত্ৰিক দেশত চৰকাৰ অবিহনে দেশখন পৰিচালিত হব নোৱাৰে ঠিক একেদৰে নিৰ্বাচিত চৰকাৰ খনৰ বিপৰীতে চৰকাৰৰ প্ৰতিটো কামত তীক্ষ্ণ নজৰ ৰাখিবলৈ এক শক্তিশালী বিৰোধী শক্তি থকাটো অতিকৈ প্ৰয়োজনীয়। যদি বিৰোধী শক্তি দুৰ্বল হয় তেনেহলে নিৰ্বাচিত চৰকাৰখনৰ কামকাজ স্বেচ্ছাচাৰী হোৱাৰ সম্ভাৱনা অধিক প্ৰকট হৈ উঠে। জনতাৰ হকে কাম কৰিবলৈ প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে ভোটাৰ ৰাইজে এখন চৰকাৰক নিৰ্বাচিত কৰে। যদি ভোটাৰ ৰাইজে নিৰ্বাচিত কৰি দিয়া চৰকাৰখনে ৰাইজৰ হকে কাম কৰাত ব্যৰ্থ হয় তেনেহলে নিশ্চিতভাৱে পৰৱৰ্তী পাঁচ বছৰৰ বাবে আকৌ সেই একেখন চৰকাৰক ভোটাৰ ৰাইজে নিৰ্বাচিত নকৰে। কিন্তু এখন চৰকাৰৰ যি পাঁচ বছৰীয়া কাৰ্যকাল সেই কাৰ্যকলৰ ভিতৰত যাতে কোনো স্বেচ্ছাচাৰী কাম কৰিব নোৱাৰে তাৰ বাবে বিৰোধী পক্ষ সজাগ আৰু সচেতন হোৱাটো অতিকৈ জৰুৰী। চৰকাৰৰ প্ৰতিটো কামৰ পুংখানুপুংখ বিশ্লেষণ ৰাইজৰ আগত দাঙি ধাৰাটো বিৰোধীৰ মূল কাম। চৰকাৰৰ দ্বাৰা ৰূপায়ণ কৰা যিকোনো জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে চৰকাৰক সমালোচনা কৰাৰ উপৰিও সেই জনবিৰোধী কাৰ্যৰ বেয়া দিশসমূহ ৰাইজৰ আগত দাঙি ধাৰাটো বিৰোধী শক্তিৰ দায়িত্ব আৰু কৰ্তব্য। বিৰোধী হোৱা বাবেই যে চৰকাৰৰ প্ৰতিটো কামৰ সমালোচনা কৰিব লাগিব তেনে কোনো কথা নাই। দেশৰ আভ্যন্তৰীণ সুৰক্ষা, অখণ্ডতা, সাৰ্বভৌমত্বৰ প্ৰতি অহা ভাবুকি আদিৰ ক্ষেত্ৰত শাসক বিৰোধী একত্ৰিত কণ্ঠে দেশ বিৰোধী শক্তি সমূহৰ বিৰুদ্ধে গৰজি উঠিব লাগে। এনেধৰণৰ বিষয় সমূহত শাসক আৰু বিৰোধীৰ ভূমিকা সুকীয়া হোৱাটো দেশৰ বাবে অশুভ সংকেত। শাসক আৰু বিৰোধীৰ ভূমিকা দেশৰ ৰাজনীতিত সুকীয়া হোৱাটো নিশ্চিতভাৱে প্ৰয়োজনীয় কিন্তু দেশ বিৰোধী শক্তিৰ বিৰুদ্ধে ভূমিকা এক হোৱাটো অতিকৈ প্ৰয়োজনীয়। দেশৰ জনতাৰ উন্নতিৰ হকে কাম কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ প্ৰতিটো ৰাজনৈতিক দলেই ৰাইজৰ দুখ-দুৰ্দশা, অভাৱ-অভিযোগৰ খবৰ ৰখাটো প্ৰধান কাম। সেয়া লাগিলে শাসকীয় দলেই হওক অথবা বিৰোধী দলেই হওক। শাসকীয় দলে সম্পাদন কৰা প্ৰতিটো কাম আৰু প্ৰতিটো আঁচনি কেৱল আৰু কেৱল ৰাইজৰ হিতৰ বাবে কৰা বুলি দাবী কৰাটো স্বাভাৱিক। কিন্তু চৰকাৰৰ সেই কাম সমূহৰ মাজত কিছুমান এনেকুৱা কাম থাকে যিবোৰ কেৱল নিৰ্বাচনত ভোট লাভ কৰাৰ স্বাৰ্থতহে কৰা হয়। তেনে কাম সমূহৰ পৰা সামগ্ৰিকভাৱে ৰাজ্যখনৰ অথবা দেশৰ কোনো লাভ হোৱাৰ সুযোগ নাথাকে। চৰকাৰে কৰা এনে কামসমূহ যে সামগ্ৰিকভাৱে ৰাজ্য অথবা দেশৰ কোনো হিত সাধন কৰিব নোৱাৰে সেই কথা যুক্তি সহকাৰে ৰাইজৰ আগত উপস্থাপন কৰাটো বিৰোধী শক্তিৰ মুখ্য কাম। যোৱা এটা দশক ধৰি দেশৰ বিৰোধী শক্তিৰ যি অৱস্থা আছিল সেয়া অতিকৈ শোচনীয় আছিল। কিন্তু সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফলে বিৰোধী শিবিৰৰ বাবে কিছু আশাৰ বতৰা কঢ়িয়াই আনিছে। এইবাৰ তুলনামূলকভাৱে বিৰোধী শিবিৰৰ শক্তি যথেষ্ট বৃদ্ধি পাইছে। দেশৰ ৰাজনীতিত বিৰোধী শক্তিৰ উত্থানে গণতন্ত্ৰক শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। দেশৰ সংবিধানে প্ৰদান কৰা ক্ষমতাৰ সহায়ত বিৰোধী শক্তিয়ে শাসকীয় চৰকাৰৰ প্ৰতিটো কামৰ ভাল বেয়া দিশসমূহৰ খতিয়ান লবলৈ সক্ষম হব। যিদৰে চৰকাৰৰ প্ৰতিটো কামৰ ওপৰতে সমাজৰ প্ৰতিগৰাকী সচেতন নাগৰিকৰ দৃষ্টি নিবদ্ধ থাকে ঠিক একেদৰে বিৰোধী শক্তিয়ে কিমান সক্ৰিয়তাৰে নিজৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হৈছে সেয়াও কিন্তু সচেতন লোকসকলে প্ৰত্যক্ষ কৰিব। দেশৰ গণতন্ত্ৰ শক্তিশালী হবলৈ হলে দেশৰ ৰাজনীতিত বিৰোধী শক্তি অধিক সক্ৰিয় হোৱাটো নিতান্তই প্ৰয়োজনীয়।