পেৰিছ অলিম্পিকৰ ভাৰতীয় দলক বিচিচিআইৰ ৮কোটি ৫০লাখ টকা প্ৰদান

পেৰিছ অলিম্পিকৰ ভাৰতীয় দলক বিচিচিআইৰ ৮কোটি ৫০লাখ টকা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় খেলুৱৈসকলক আর্থিক সহায়ৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ড, বি চি চি আইৰ সচিব জয় শ্বাহে ভাৰতীয় অলিম্পিক সংস্থাক ৮ কোটি ৫০ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্রীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী ড০ মনসুখ মন্দাভিয়াই এই আর্থিক সাহায্যৰ বাবে বি চি চি আইক ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে ২৬জুলাইৰ পৰা ১১আগষ্টলৈ অনুষ্ঠিত হ’ব ২০২৪ বৰ্ষৰ পেৰিছ অলিম্পিক। ফ্ৰান্সৰ ৰাজধানীত আৰম্ভ হ’বলগীয়া পেৰিছ অলিম্পিকত এইবাৰ ১১৭ গৰাকী ভাৰতীয় খেলুৱৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। মুঠ ৪৭গৰাকী মহিলা আৰু ৭০জন পুৰুষ খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিব৷  ১৪০ গৰাকী সহায়কাৰী সদস্য পেৰিছ অলিম্পিকত উপস্থিত থাকিব।