ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাচ্যবিদ্যাৰ্ণৱ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম দিৱসত বক্তৃতানুষ্ঠান

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাচ্যবিদ্যাৰ্ণৱ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম দিৱসত বক্তৃতানুষ্ঠান

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ভৱনত অনুষ্ঠিত বক্তৃতানুষ্ঠানত বিশেষ বক্তা হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ জয়ন্ত কুমাৰ বৰা আৰু বুৰঞ্জী বিভাগৰ অধ্যাপক ড০ চন্দন কুমাৰ শৰ্মা। উল্লেখ্যযোগ্য যে ১ জুলাইৰ পৰা ১৩ জুনলৈ অনলাইন মাধ্যম যোগে অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত ৰচনা প্ৰতিযোগিতাখনিৰ ফলাফলো ঘোষণা কৰা হয় এই অনুষ্ঠানতে। ফলাফলত প্ৰথম স্থান লাভ কৰে মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ মৃগাংক কলিতাই, দ্বিতীয় স্থান লাভ কৰে চিনামৰা মহাবিদ্যালয়ৰ ছাত্ৰ ভাস্কৰজিৎ ফুকনে, তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰী স্নেহা শইকীয়াই। লগতে শীৰ্ষ দহজনৰ ভিতৰত স্থানপ্ৰাপ্ত সকলৰ ফলাফলো এই অনুষ্ঠানতে ঘোষণা কৰা হয়।